Zubeen Garg is well now 

07:22 AM Mar 02, 2020 | G Plus News

২ মাৰ্চ,গুৱাহাটী : ক্ৰমাৎ সুস্থ হৈ উঠিছে জুবিন গাৰ্গ। আই চি ইউত নহয়, মানুহৰ মাজলৈ ওলাই আহিব বিচাৰে জুবিন গাৰ্গে। 

যোৱা শুকুৰবাৰে হঠাৎ অসুস্থ হৈ উঠা জুবিন গাৰ্গ এতিয়া সুস্থ হৈ উঠিছে। এতিয়াও নেমকেয়াৰ হাস্পতালৰ আই চি ইউতে ৰখা হৈছে জুবিনক।  চিকিৎসক জনোৱামতে হাস্পতালৰ পৰা ওলাই গ’লেই আকৌ নিজৰ কাম, মানুহৰ মাজত ব্যস্ত হৈ পৰিব জুবিন গাৰ্গ। সেয়েহে হাস্পতালতে জুবিনক জিৰণি ল’বলৈ পৰামৰ্শ দিছে চিকিৎসকে। জুবিনক শাৰীৰিক আৰু মানসিক জিৰণিৰ প্ৰয়োজন।

আই চি ইউৰ ভিতৰতে জুবিনে খোজ কাঢ়িছে, সুস্থা হ’বলৈ ভালদৰে আহাৰ গ্ৰহণ কৰিছে জুবিনে।  অন্তত তিনি–চাৰিদিন হাস্পতালতে বিশ্ৰাম ল’বলৈ জুবিনক পৰামৰ্শ দিছে চিকিৎসকে।

উল্লেখ্য যে ৰাজ্যবাসীৰ প্ৰিয় কণ্ঠশিল্পীগৰাকীৰ আশুআৰোগ্য কামনা কৰি অনুৰাগীসকলে তেওঁক পূৰ্বৰ দৰে চাবলৈ অতি উদ্বিগ্নতাৰে বাট চাই আছ।