+

Ripun Bora slams BJP 

১৯ ডিচেম্বৰ, গুৱাহাটী : ৰাজ্যত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ নামত সংঘটিত হিংসাত্মক ঘটনাত কংগ্ৰেছ জড়িত থকা বুলি বলপূৰ্বকভাৱে প্ৰতিপন্ন কৰিব বিচাৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।- ৰিপুণ বৰা


কালি গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই কয়-“মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ’ ফুটেজ দেখুৱাই অভিযোগ কৰিছে যে হিংসাত্মক ঘটনাত কংগ্ৰেছ কৰ্মী জড়িত। প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতিৰ ফটো আৰু ভিডিঅ’ও দেখুওৱা হৈছে। কিন্তু প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি বা কংগ্ৰেছৰ কোনো লোকে হিংসাত্মক কাৰ্য সংঘটিত কৰা নাই। 

মন্ত্ৰী জনে বলপূৰ্বকভাৱে কংগ্ৰেছে দলত জড়িত কৰিব বিচাৰিছে।” লগতে ৰিপুণ বৰাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীও কংগ্ৰেছ দলৰ ওপৰত অনুৰূপ অভিযোগ উত্থাপন কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে। বৰাই কয় যে আমি তেওঁলোকক প্ৰত্যাহ্বান জনাইছো, আমাৰ কোনো কৰ্মী  হিংসাত্মক কাৰ্যত জড়িত আছে বুলি ভিডিঅ’ বা ফুটেজসহ প্ৰমাণ পালে ব্যৱস্থা লওঁক। 

শেহতীয়াকৈ ৰাজ্যৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱন জ্বলাবলৈ এজন বুদ্ধিজীৱিয়ে নিৰ্দেশ দিছিল বুলি প্ৰকাশ কৰা মন্তব্যৰ প্ৰত্যোৎত্তৰ দি কয় যে যদি সাহস আছে উক্ত বুদ্ধিজীৱিজনৰ নাম প্ৰকাশ কৰক। 

আনহাতে বিজেপিক সকিয়নী দি মন্ত্ৰীগৰাকীয়ে কয়- “বিজেপিয়ে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। আৰক্ষীৰ সন্মুখতে দুস্কৃতিকাৰীয়ে গাড়ীত অগ্নিসংযোগ কৰিছিল। সেয়া আৰ এছ এছ আছিল নে সংঘ পৰিয়ালৰ লোক আছিল আৰক্ষীয়ে কিয় চিনাক্ত কৰিবলৈ নোৱাৰিলে?”  

facebook twitter