Local Farmers’ Protest In Guwahati Enters 4th Day, CM directs Rihon Daimary to talk with

10:43 AM Aug 19, 2019 | G Plus Digital Desk

১৯ আগষ্ট, গুৱাহাটী - আজি চতুৰ্থ দিনত ভৰি দিলে সীতাজখলাৰ অৱস্থান ধৰ্মঘটে ৷ তিনিদিন ধৰি চৰকাৰী কৰ্তৃপক্ষই অকণো কাণসাৰ নিদিয়াৰ পিছত আজি পুৱাৰে পৰা ১৬০০ লিটাৰ গাখীৰ বিনামূলীয়াকৈ বিতৰণ কৰি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছিল।

অৱশেষত আজি সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ আন্দোলনকাৰী গো-পালকসকলৰ সৈতে আলোচনাত বহিবলৈ সমবায় মন্ত্ৰী ৰিহণ দৈমাৰীক নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। এইক্ষেত্ৰত যথোচিত ব্যৱস্থাৰ গ্ৰহণ কৰাৰ বাবে জিলা উপায়ুক্তকো নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। তাৎপৰ্যপূৰ্ণভাৱে এই সন্দৰ্ভত চৰকাৰীভাৱে কোনো বাৰ্তা এই মূহুৰ্তলৈ পোৱা নাই সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে৷ অৱশ্যে মুখ্যমন্ত্ৰীৰ এই পদক্ষেপক আদৰণি জনাইছে যদিও নিজৰ স্থিতিত অটল হৈ আছে গো-পালক সকল৷

উল্লেখ্য যে অসমৰ দুগ্ধ উৎপাদন কেন্দ্ৰত বহিৰাগত পুঁজিপতিৰ হাতোৰা উৎখাত কৰিবলৈ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰি গো পালক তথা দুগ্ধ উৎপাদকসকলে প্ৰতিবাদৰ দ্বিতীয় দিনা পূৰবী ডেইৰীৰ নামত যোগান ধৰিবলগীয়া হাজাৰ লিটাৰ গাখীৰ কিলিং নৈত ঢালি প্ৰতিবাদ সাব্যস্ত কৰিলে। ইফালে দ্বিতীয় দিনাও কিলিং নৈ পেলাই দিয়ে হেজাৰ লিটাৰ গাখীৰ। 

আনহাতে তৃতীয় দিনা বিনামূলীয়াকৈ গাখীৰ বিতৰণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰীসকলে। পূৰবী ডেইৰী আৰু ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন নিগমৰ বিৰুদ্ধে ক্ষোভ সীতাজখলাৰ প্ৰতিবাদকাৰীসকলৰ। NDDB-এ সমবায় আইন উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰাৰ লগতে অসমৰ ডেইৰী বিভাগটো গুজৰাটৰ পৰা নিয়ন্ত্ৰণ কৰাটো বন্ধ কৰাৰ দাবী জনায়।

স্মৰ্তব্য যে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন নিগমৰ নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি পূৰবী ডেইৰী, ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন নিগম আৰু অসম চৰকাৰৰ মাজত হোৱা ত্ৰিপাক্ষিক চুক্তি বাতিলৰ দাবী জনাই আহিছিল থলুৱা গো-পালকসকলে। এই গো-পালকসকলক গাখীৰৰ উচিত মূল্য নিদি একাংশ মধ্যভোগীৰ জৰিয়তে সমবায় সমূহৰ বিৰুদ্ধে পূৰবী ডেইৰীয়ে আগ্ৰাসন নীতিৰে তেওঁলোকক নিঃশেষ কৰাৰ চেষ্টা চলাইছে বুলিও অভিযোগ উত্থাপন কৰিছে।

{{P2rLAnPZgiHw4EizVBmE}}

উল্লেখ্য যে সীতাজখলাৰ এই সমবায় সমিতিখনে ১৪টা গাখীৰ কেন্দ্ৰৰ পৰা প্ৰতিদিনে ১৮ হাজাৰৰ পৰা ২০ হাজাৰ লিটাৰ গাখীৰ সংগ্ৰহ কৰে। ইতিমধ্যে এই গাখীৰ যোগান বন্ধ হৈ পৰাত মহানগৰীত গাখীৰৰ লগতে বিভিন্ন দুগ্ধজাত সামগ্ৰীৰ অভাৱ পৰিলক্ষিত হৈছে |