Hatisila Picnic Spot closed for indefinite time

09:30 AM Dec 24, 2018 | জি প্লাছ নিউজডেস্ক

গুৱাহাটী - ৰবিবাৰৰ অনাহুত ঘটনাৰ পিছতে প্ৰশাসনে অনিৰ্দ্দিষ্ট কাললৈ বন্ধ কৰি দিলে হাতীশিলাৰ বনভোজথলী। উল্লেখ্য যে হাতীশিলা বনভোজথলী পৰিচালনা কৰ্তৃপক্ষৰ অবিবেচকী কাণ্ডৰ ফলতে ৰবিবাৰে লুইতৰ বোকাত আবদ্ধ হৈছিল শ শ বাহন। গুৱাহাটীৰ লগতে দূৰ দূৰণিৰ পৰা অহা বহু বনভোজ খাবলৈ অহা দল আবদ্ধ হৈ পৰিছিল বোকাত।

জানিব পৰামতে বোকাৰ বাবে কেইবাখনো বাহন এতিয়াও আবদ্ধ হৈয়েই আছে। অৱশ্যে প্ৰশাসনৰ লোকে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।

ইপালে ব্ৰহ্মপুত্ৰৰ পাৰৰ সকলো বনভোজথলীতে বনভোজ খোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। হাতীশিলাৰ ঘটনাৰ পিছতে নিষেধাজ্ঞা প্ৰশাসনৰ।