+

Devastating fire broke out at Barpeta firecrackers industry

২২ অক্টোবৰ, গুৱাহাটী : দেৱালীলৈ মাথো কেইটামান দিন। বৰপেটাৰ আতচবাজী উদ্যোগত সোমবাৰে বিয়লি ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়। আতচবাজী প্ৰস্তুত কৰিবলৈ উৰালত কেঁচা মাল খুন্দি থকাৰ সময়তে অতৰ্কিতে এই অঘটন সংঘটিত হয়।  

এই অগ্নিকাণ্ডত উদ্যোগটোত কৰ্মৰত ১২ জনকৈ শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত সকলক লগে লগে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় ৷ ইয়াৰে দুগৰাকী মহিলা শ্ৰমিকৰ অৱস্থা  সংকটজনক বুলি জানিব পৰা গৈছে।

উক্ত ঘটনাৰ পাছতেই  ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিবৰ্বাপিত কৰে। উল্লেখ্য যে, অগ্নিকাণ্ড সংঘটিত হোৱা বৰপেটা আতচবাজী উদ্যোগৰ ওচৰতে  থকা মনি চুনা আতচবাজী উদ্যোগ আৰু অসম ফায়াৰ ৱৰ্কছ নামৰ আতচবাজী উদ্যোগ সৌভাগ্যক্ৰমে ৰক্ষা পৰে ৷

facebook twitter