Atul Bora - Keshab Mahanta to join BJP after Loksabha Election!

08:16 AM Jan 10, 2019 | জি প্লাছ নিউজডেস্ক

গুৱাহাটী, ১০ জানুৱাৰী - লোকসভা নিৰ্বাচনৰ পিছতেই বিজেপিলৈ আহিব অসম গণ পৰিষদৰ সভাপতি তথা সদ্য পদত্যাগী মন্ত্ৰী অতুল বৰা (কণিষ্ঠ) আৰু কেশৱ মহন্ত। নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬ লৈ কেন্দ্ৰীয় কেবিনেটে যাৱতীয় অনুমোদন জনোৱাৰ এদিন পিছতেই লোকসভাতো বিধেয়কখন গৃহীত হোৱাক লৈ ৰাজ্য চৰকাৰৰ অন্যতম সহযোগী দল অসম গণ পৰিষদে ৰাজনাথ সিংক সাক্ষাৎ কৰি বিজেপিৰে মিত্ৰতা ভংগ কৰাৰ ঘোষণা কৰে অগপই। ইয়াৰ এদিন পিছতেই অৰ্থাৎ ৰাজ্যসভাত বিধেয়কখন উত্থাপন কৰিবলগীয়া দিনটোতেই অসম আন্দোলনৰ অন্যতম সক্ৰিয় নেতাত্ৰয় অতুল বৰা (কণিষ্ঠ), কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীয়ে একেলগে ত্যাগ কৰে অসম চৰকাৰৰ মন্ত্ৰীত্ব।  পিছে, ৰাজ্য চৰকাৰৰ অতি গুৰুত্বপূৰ্ণ কেবাটাও বিভাগৰ পৰা একেটা দিনতে তিনিগৰাকীকৈ মন্ত্ৰীয়ে পদত্যাগ কৰা দিশটোৱে সৰ্বত্ৰ চৰ্চিত হৈছে। এনে চৰ্চাৰ মাজতেই কালি চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাই কৰিছে এক মন্তব্য - “লিখি থওঁক, লোকসভা নিৰ্বাচনৰ দুই এদিন পিছতেই ভাৰতীয় জনতা পাৰ্টীলৈ আহিব অতুল বৰা আৰু কেশৱ মহন্ত ডাঙৰীয়া।” স্থানীয় সংবাদ প্ৰতিষ্ঠান চাবুৱা লাইভক প্ৰদান কৰা এক সাক্ষাৎকাৰত বিধায়কজনে কৰে এই মন্তব্য। 

{{bjhAbJRfbTy1zyy7Fafm}}


উল্লেখ্য যে কেবিনেটত বিধেয়কখনে অনুমোদন লাভ কৰাৰ পিছতেই সমগ্ৰ অসমতে ক্ষোভৰ উদগীৰণ হোৱা দেখা গৈছিল। ইয়াৰ মাজতেই চাবুৱাত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিধায়ক বিনোদ হাজৰিকাৰ বাসগৃহৰ সমূখতো জনতাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।

সংযোজন - অসম গণ পৰিষদে নাগৰিকত্ব সংশোধনী বিধেয়কখনে কেবিনেটত অনুমোদন লাভ আৰু লোকসভাত গৃহীত হোৱা বাবে বিজেপিৰে আঢ়ৈ বছৰীয়া মিত্ৰতা ভংগ কৰাৰ লগতে তিনিজনকৈ গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰীয়ে পদত্যাগো কৰে। অৱশ্যে কালি ৰাজ্যসভাত বিধেয়কখন গৃহীত নোহোৱাত সম্প্ৰতি এই বিধেয়কখন পৰিপূৰক বিধেয়ক হৈয়েই থাকিব। আগন্তুক ফেব্ৰুৱাৰী মাহৰ শেষত অনুষ্ঠিতব্য ৰাজ্যসভাৰ বাজেট অধিবেশনতহে পুনৰ এই বিধেয়কখন গৃহীত কৰাৰ চেষ্টা কৰা হ’ব।