+

Article 370 scrapped, Ladakh, Jammu Kashmir to be Union Territories

০৫ আগষ্ট, গুৱাহাটী - অৱশেষত জম্মু-কাশ্মীৰৰ বিশেষ মর্যাদা কাঢ়ি নিয়াৰ পথত আগবাঢ়িল মোদী চৰকাৰ। সোমবাৰে জম্মু-কাশ্মীৰত ৩৭০ ধাৰা প্রত্যাহাৰ কৰিলে কেন্দ্রীয় চৰকাৰে। তাৰ লগে লগে জম্মু-কাশ্মীৰ আৰু লাডাখক পৃথক পৃথক কেন্দ্রীয় শাসিত অঞ্চল কৰি তোলাৰ প্ৰস্তাৱ দিয়া হৈছে। এই প্রস্তাৱত জনোৱা হৈছে যে জম্মু-কাশ্মীৰত আইনসভা থাকিব, কিন্তু লাডাখত কোনোধৰণৰ আইনসভা নাথাকিব। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ এই প্রস্তাৱত তুমুল প্রতিবাদ জনায় বিৰোধীয়ে। ৰাজ্যসভাত অমিত শ্বাহৰ বিবৃতি উপস্থাপনৰ সময়তেই তুমুল প্ৰতিবাদ গঢ়ি তোলে বিৰোধী সাংসদসকলে।

উল্লেখ্য যে কিছুদিন পূৰ্বৰ পৰাই জম্মু-কাশ্মীৰত অতিৰিক্ত সেনা বাহিনী মোতায়েন কৰিছে মোদী চৰকাৰে। চৰকাৰৰ এনে পদক্ষেপক লৈ প্রথমৰে পৰাই এনেধৰণৰ এক সিদ্ধান্তৰ অনুমান কৰা হৈছিল। বিগত সপ্তাহত যেতিয়া অমৰনাথ যাত্রা নজিৰবিহীনভাৱে বাতিল কৰা হৈছিল তেতিয়াৰ পৰাই কিবা এটা বৃহৎ পৰিবৰ্তনৰ অনুমান কৰা হৈছিল।

ইয়াৰ পিছৰে পৰা সমগ্ৰ জম্মু-কাশ্মীৰৰ লগতে দিল্লীতো সন্ত্রাসবাদী আক্ৰমণৰ আশংকা কৰা হৈছিল। এনেবোৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই অমৰনাথ যাত্ৰা বাতিল কৰা হৈছিল। তাৰ লগতে পর্যটকসকলকো অবিলম্বে কাশ্মীৰ এৰাৰ নিৰ্দেশ দিয়া হৈচিল প্রশাসনৰ তৰফৰ পৰা। বিভিন্ন শিক্ষা প্রতিষ্ঠানৰ পৰাও শিক্ষাৰ্থী-শিক্ষকসকলকো ঘৰলৈ উভতি যোৱাৰ নিৰ্দেশ দিয়া হৈছিল। ইয়াৰ পিছতেই কাশ্মীৰৰ পৰিস্থিতিক লৈ জোৰদাৰ জল্পনা-কল্পনা চলে দেশৰ ৰাজনীতিত।

ইয়াৰ মাজতে ৰবিবাৰে মাজনিশাৰ পৰা শ্ৰীনগৰত জাৰি কৰা হয় ১৪৪ ধাৰা। তাৰ লগে লগে জম্মু-কাশ্মীৰৰ শীর্ষ ৰাজনৈতিক নেতা তথা প্রাক্তন মুখ্যমন্ত্রী ওমৰ আব্দুল্লা, মেহবুবা মুফতিক গৃহবন্দী কৰা হয়। এই সিদ্ধান্তৰ পিছতেই জম্মু-কাশ্মীৰৰ ভৱিষ্যৎক লৈ আশংকা দ্বিগুন হৈ পৰে।

facebook twitter