+

A Customer looted 1.11 lacs in Fancy bazar

১১ ছেপ্তেম্বৰ, গুৱাহাটী : মহানগৰীত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। ফাঁচীবজাৰত  দোকানৰ পৰা গ্ৰাহকৰ বেশেৰে এজন ছাত্ৰই ১.১১ লাখ টকা লুটি নিয়ে। 

কালি ফাঁচীবজাৰৰ ২ নং গেটৰ এখন কেমেৰাৰ বিপনীত ছয়গাৱঁৰ এম  দাস নামৰ এজন যুৱকে কেমেৰা মেৰামতি কৰিবলৈ দিছিল। কেমেৰাটো মেৰামতিৰ পিছতে বিপনীখনৰ পৰা টকাৰ টোপোলাটো লৈ  যুৱকজন উধাও হয়। 

{{4CSF_UaoTFkjY5BY3FzZ}}


বিপনীখনৰ কৰ্মচাৰীয়ে  যুৱকজনৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল যদিও ফোন ছুইচ অফ পায়। ঘটনা সন্দৰ্ভত বিপনীখনৰ স্বত্বাধিকাৰীজনে পানবজাৰ থানাত এটা গোচৰ ৰুজু কৰিছে। পানবজাৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। 

facebook twitter