+

3 Youth arrested in Dibrugarh

১৪ অক্টোবৰ, গুৱাহাটী : ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে অপৰাধীৰ দপ দপনি। ডকাইতিৰ পৰিকল্পনা কৰি আৰক্ষীৰ হাতত ধৰা পৰিল ডিব্ৰুগড়ৰ তিনিজন যুৱক। অভিযুক্ত তিনি অপৰাধী ক্ৰমে ডিব্ৰুগড়ৰ জকাই অঞ্চলৰ নৱজ্যোতি গগৈ, বিশ্বজিত গগৈ আৰু বিপ্লৱ কোঁৱৰ বুলি চিনাক্ত কৰিছে।  

 ভাৰতীয় দণ্ড বিধিৰ ৩৯৯ ধাৰাৰ অধীনত বৰবৰুৱা আৰক্ষীয়ে ২৫৬/২০১৯ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰিছে। আৰক্ষীয়ে তিনিওকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। সম্প্ৰতি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। 

facebook twitter