+

Vice President Masoumeh Ebtekar has confirmed coronavirus infection  

২৮ ফেব্ৰুৱাৰী, গুৱাহাটী : বিশ্বজুৰি  মহামাৰী ৰূপ লৈছে প্ৰাণঘাতক কৰ’না ভাইৰাছে। ইৰানত আতংকৰ সৃষ্টিৰ কৰা কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে  ইৰানৰ উপ-ৰাষ্ট্ৰপতি মাছুমে ইবটিকাৰ।

এতিয়ালৈ উপ-ৰাষ্ট্ৰপতিগৰাকীক কোনো হাস্পতালত ভৰ্তি কৰোৱা নাই। সম্প্ৰতি চীনৰ পাছতে ইৰানত সৰ্বাত্মক লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে। এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা  ২৪৫ জনলৈ বৃদ্ধি পাইছে আৰু ২৬ জনৰ মৃত্যু হৈছে। 

আনহাতে সমগ্ৰ বিশ্বজুৰি প্ৰাণঘাতক ভাইৰাছবিধত আক্ৰান্ত হৈ মুঠ ২,৮৫৮ জন লোকৰ মৃত্যু হয় আৰু ৪৩,৯২২ গৰাকী লোকক এই ভাইৰাছবিধত আক্ৰান্ত হোৱা বুলি চিনাক্ত কৰা হৈছে। আনহাতে ৩৯,৪৬৩ গৰাকী ৰোগীক মাৰাত্মক ভাইৰাছবিধৰ পৰা সুস্থ কৰি তুলিব পৰা হৈছে।  

facebook twitter