Tight Security in Guwahati ahead of IndependenceDay

10:15 AM Aug 12, 2019 | G Plus Digital Desk

১২ আগষ্ট, গুৱাহাটী : স্বাধীনতা দিৱস সমাগত। ১৫ আগষ্টৰ দিনটোৰ আগে পিছে সন্ত্ৰাসবাদীয়ে যাতে কোনোধৰণৰ কূটাঘাটমূলক কাৰ্য  সংঘটিত কৰিব নোৱাৰে তাৰ বাবে সাজু হৈছে মহানগৰ আৰক্ষী। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেল পথাৰত তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থা আৰু ৩২ টা কেমেৰা সংস্থাপনৰ কাম পূৰ্ণগতিত চলি আছে।

মহানগৰ আৰক্ষীয়ে ৰাজধানী মহানগৰৰ চোদিশে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিখন যান - বাহনত তন্ন তন্নকৈ তালাচী চলোৱা হৈছে। লগতে মহানগৰৰ পাহাৰীয়া অঞ্চলসমূহত আৰক্ষীৰ দলে দিনে নিশাই তালাচী অভিযান অব্যাহত ৰাখিছে।মহানগৰৰ ৰাজপথত অথবা পাহাৰীয় অঞ্চলসমূহত সন্দেহজনক লোক দেখিলে সোধা পোছাৰ কৰাৰ লগতে ভাড়াতীয়াৰ পৰিচয়ো সংগ্ৰহ কৰিছে আৰক্ষী অভিযানকাৰী দলটোৱে।  

গুৱাহাটীৰ বিভিন্ন প্ৰান্তত থকা চৰকাৰী- বেচৰকাৰী কাৰ্যালয়সমূহ, শিক্ষআনুষ্ঠানৰ লগতে অন্য প্ৰতিষ্ঠানসমূহেও স্বাধীনতা দিৱস উদযাপনৰ যো-জা চলাইছে।আনহাতে গুৱাহাটী তেল শোধনাগাৰৰ নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰি তোলা হৈছে বুলি কালি মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে জানিবলৈ দিয়ে। আৰক্ষী আয়ুক্ত গৰাকীয়ে নাগৰিক কমিটী আৰু গাওঁৰক্ষী বাহিনীকো সতৰ্ক বৈ থাকিবলৈ আহবান জনায়। 

উল্লেখযোগ্য যে এইবাৰ ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনে তিনিদিনীয়াকৈ স্বাধীনতা দিৱসৰ উদযাপনৰ আয়োজন কৰিছে । ১৩ আগষ্টত জিলা প্ৰশাসনে স্বচ্ছ ভাৰতৰ কাৰ্যসূচীৰ অংশ  হিচাপে  মহানগৰখন পৰিস্কাৰ পৰিচ্ছন্ন কৰাৰ লগতে ছহীদৰ প্ৰতিমূৰ্তিসমূহ পৰিস্কাৰ কৰিব। ১৪ আগষ্টত জিলা প্ৰশাসনে কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। ১৫ আগষ্টত জিলা প্ৰশাসনে কেবাটাও কাৰ্যসূচী গ্ৰহণ কৰিব বুলি উপায়ুক্ত বিশ্বজিৎ পেগুৱে জানিবলৈ দিয়ে।

সম্প্ৰতি খানাপাৰা খেলপথাৰত পূৰ্ণগতিত পেৰেডৰ অনুশীলন চলিছে। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত মহানগৰ আৰক্ষী , অৰ্ধসামৰিক বাহিনীৰ লগতে এন চি চি , স্কাউট - গাইডে অনুশীলনত ব্যস্ত হৈ আছে।