Second meeting of NITI Forum for North East on Dec 4 in Guwahati

12:29 PM Dec 03, 2018 | জি প্লাছ নিউজডেস্ক

গুৱাহাটী - নৱগঠিত ‘উত্তৰ পূৰ্বাঞ্চলৰ বাবে নিটি ফ’ৰাম’ৰ দ্বিতীয়খন বৈঠক কাইলৈ অৰ্থাৎ ৪ ডিচেম্বৰ তাৰিখে গুৱাহাটীত অনুষ্ঠিত হ’ব৷ নিটি আয়োগৰ উপাধ্যক্ষ ডঃ ৰাজীৱ কুমাৰে বৈঠকখনত সভাপতিত্ব কৰাৰ লগতে ড’নাৰৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ) ডঃ জিতেন্দ্ৰ সিঙেও সহ-সভাপতিত্ব কৰিব৷

২০১৮ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন নিৰীক্ষণ কৰাৰ বাবে ‘উত্তৰ পূৰ্বাঞ্চলৰ বাবে নিটি মঞ্চ’ গঠন কৰা হৈছিল৷ এই নিটি মঞ্চক উন্নয়নৰ বিভিন্ন প্ৰতিবন্ধকতাসমূহ চিনাক্ত কৰি অঞ্চলটোত বহনক্ষম অৰ্থনৈতিক উত্তৰণৰ বাবে দায়িত্ব প্ৰদান কৰা হৈছিল৷ এই নিটি মঞ্চৰ সদস্যসমূহৰ ভিতৰত ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়ৰ সচিব, উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ মুখ্য সচিব, বিভিন্ন জ্যেষ্ঠ চৰকাৰী বিষয়া তথা বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞসকলক অন্তৰ্ভুক্ত কৰা হৈছে৷ তাৰোপৰি উত্তৰ পূব পৰিষদ (এনইচি)ৰ সচিব হ’ল এই মঞ্চৰ সদস্য সচিব৷

{{PRx6ntEp8c4ucb9q4yvj}}

মঞ্চখনৰ প্ৰথমখন বৈঠক ১০ এপ্ৰিল ২০১৮ তাৰিখে আগৰতলাত অনুষ্ঠিত হৈছিল৷ অঞ্চলটোৰ উন্নয়নৰ বিভিন্ন বিষয় যেনে আন্তঃগাঁথনি, উদ্যান-শস্য, বাঁহ, পৰ্যটন, খাদ্য সংসাধন, শিক্ষা, জীৱিকা, স্বাস্থ্য আদিৰ গুৰুত্ব সম্পৰ্কে এই বৈঠকত আলোচনা কৰা হৈছিল৷ সেই বৈঠকত লোৱা সিদ্ধান্তসমূহ বিভিন্ন চৰকাৰী বিভাগ তথা ষ্টেকহ’ল্ডাৰে পালন কৰি আহিছে৷
অনাগত বৈঠকখনত পাঁচটা প্ৰধান ক্ষেত্ৰ- পৰ্যটন, বাঁহ, দুগ্ধপালন, মীনপালন আৰু চাহ সম্পৰ্কত গুৰুত্ব আৰোপ কৰা হ’ব৷ মঞ্চখনৰ সদস্যসকলৰ উপৰিও চৰকাৰ, উদ্যোগ আৰু শিক্ষানুষ্ঠানসমূহৰ পৰা বিভিন্ন বিশেষজ্ঞক এই বৈঠকলৈ আমন্ত্ৰণ জনোৱা হৈছে৷