+

Sarbananda Sonowal adresses a press conference 

২ জানুৱাৰী, গুৱাহাটী : ‘‘মইওতো মানুহ! মই এই সমাজত উৎপাদিত এটি শক্তি। সেইবাবে মোৰ জাতীয় চেতনা আছে আৰু থাকিব। ৰাষ্ট্ৰীয় দলত যোগদান কৰিলো বুলি মই মোৰ জাতীয় চেতনা কেতিয়াও বিসৰ্জন নিদিওঁ।কিন্তু আজিৰ তাৰিখত আমাক এনেকুৱা সজোৱা হৈছে ! আমি যেন অপৰাধী, জাতিটোক বিক্ৰী কৰি দিলো।” ইংৰাজীৰ নৱবৰ্ষৰ পহিলা দিনটোতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যবাসীক নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰি এক সংবাদমেল আয়োজন কৰে।    

মন্ত্ৰীগৰাকীয়ে লগতে কয়- ‘আমাৰ জাতি সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ থাকিব। পৃথিৱীৰ কোনো শক্তিয়ে আমাৰ অস্তিত্ব বিপদাপন্ন কৰিব নোৱাৰে।’ 

আনহাতে কা ৰ কাৰণে ৰাজ্যবাসীক সংকিত হ’ব নালাগে বুলি উল্লেখ কৰি কয়-‘ আপোনোলোকে অনিশ্চয়তাৰ মাজত নাথাকিব।কা খন সৰ্বভাৰতীয় আইন।’

এই আইনখন অসমৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক দিনত এইখন আইন অসমত কেনেকৈ প্ৰণয়ন কৰা হ’ব, কেনে ধৰণৰ নিয়ম প্ৰণালী গ্ৰহণ কৰা হ’ব এই সন্দৰ্ভত ৰাজ্য চৰকাৰ আৰু  কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে। 

facebook twitter