+

Sachin Tendulkar wins Laureus Sporting Moment of the Year 2000-2020 

১৮ ফেব্ৰুৱাৰী, গুৱাহাটী : ক্ৰিকেটাৰ ভগৱান শচীন তেণ্ডুলকাৰলৈ অন্য এক সন্মান। ২০১১ বৰ্ষত ভাৰতে প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয়ৰ গৌৰৱান্বিত মুহুৰ্তৰ বাবে শচীন তেণ্ডুলকাৰলৈ ‘লৰিয়াছ স্পৰ্টিং মোমেণ্ট অৱ দ্যা ইয়েৰ ২০০০-২০২০’ সন্মান প্ৰদান কৰে। 

জনপ্ৰিয় টেনিছ খেলুৱৈ বৰিছ বেকেৰ আৰু প্ৰাক্তন ক্ৰিকেটাৰ ষ্টিভ ৱাফে তেণ্ডুলকাৰক এই সন্মানেৰে সন্মানিত কৰে।
বটাঁ প্ৰদান অনুষ্ঠানত বৰিছক ক্ৰিকেটৰ সন্দৰ্ভত সোধা এক প্ৰশ্নত তেওঁ কয়- "মই ভাৰতলৈ গৈছো আৰু যদি আপোনালোকেও ভাৰতলৈ যায় তেনেহ’লে গম পাব ভাৰতীয়সকলে ক্ৰিকেটক কিমান ভাল পায়। এইগৰাকী ব্যক্তিৰ সন্মুখত আঠু কাঢ়িবলৈ আপুনিও বাধ্য হ’ব।”

facebook twitter