+

Road accident in Basistha

৭ নৱেম্বৰ, গুৱাহাটী : মহানগৰীত পথ দুৰ্ঘটনা। মহানগৰীস্থিত বশিষ্ঠৰ গণেশ নগৰত দুখন চিটি বাছৰ মুখামুখি সংঘৰ্ষ হয়। জামিলা নামৰ As01 GC 9148 নম্বৰৰ বাছ এখনে  As01 Hc 0757 নম্বৰৰ যুৱৰাজ নামৰ আন এখন চিটিবাছক প্ৰচণ্ড খুন্দা মাৰে। 

এই দুৰ্ঘটনাত বাছ দুখনত চালকসহ কেইবাজনো যাত্ৰী আহত হয়। দুয়োখন বাছ দ্ৰুতবেগত আহি থকাৰ বাবে এই পথ দুৰ্ঘটনা সংঘটিত হয় বুলি প্ৰত্যক্ষদর্শীয়ে ব্যক্ত কৰে।

facebook twitter