Rinkumoni Chetia won Miss Asia Pecific 2019 title

12:09 PM Dec 02, 2019 | G Plus News

২ ডিচেম্বৰ, গুৱাহাটী : ইতিহাসত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় বডী বিল্ডিঙত জিলিকিছে অসম কন্যা। শেহতীয়াকৈ ভাৰতৰ বেংগালুৰুত অনুষ্ঠিত হোৱা মিছ এছিয়া পেচিফিক ২০১৯ অনুষ্ঠানত ‘মিছ এছিয়া পেচিফিক ২০১৯ ’ খিতাপ দখল কৰে অসমৰ একমাত্ৰ বডী বিল্ডাৰ ৰিংকুমণি চেতিয়াই। 

এই প্ৰতিযোগিতাত ১৫ খন দেশৰ ২০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। চাৰিটা ৰাউণ্ডৰ অন্তত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰা অসম কন্যাগৰাকীয়ে  বিজয়ী খিতাপ অৰ্জন কৰে। দ্বিতীয় স্থান লাভ কৰে ছাউথ আফ্ৰিকাৰ এগৰাকী প্ৰতিযোগীয়ে। উল্লেখ্য যে প্ৰথমবাৰৰ বাবে বডী বিল্ডঙত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চূড়ান্ত খিতাপ লাভ কৰি গৌৰৱ কঢ়িয়াই লৈ আহিছে।