Opposition using marak shakti to harm BJP leaders: Sadhvi Pragya on Arun Jaitley, Sushma Swaraj deaths

10:33 AM Aug 26, 2019 | G Plus Digital Desk

বিতর্কৰ শীৰ্ষত থকাটো এক অভ্যাসত পৰিণত হৈছে তেওঁৰ। গৰুৰ মাহাত্ম্যক লৈ আলোচনা, জ্যোতিষ চৰ্চাকে ধৰি বিভিন্ন বিতৰ্কত থকা এইগৰাকী সাংসদে পুনৰ এক মন্তব্য কৰি লাভ কৰিছে সংবাদ শিৰোনাম। তেওঁ হৈছে ভূপালৰ বিজেপি সাংসদ সাধ্বী প্ৰজ্ঞা ঠাকুৰ। এইবাৰ প্রয়াত অৰুণ জেটলী আৰু সুষমা স্বৰাজকে ধৰি বিজেপিৰ অষ্টৰথীৰ মৃত্যুক লৈ বিস্ময়কৰ বুলি ব্যক্ত কৰি তাৰ দোষ বিৰোধীলৈ ঠেলিছে তেওঁ। ।

সাধ্বীৰ দাবী, বিৰোধীয়ে বিজেপিৰ ওপৰত ‘মড়ক শক্তি’ প্রয়োগ কৰিছে, যাতে দলৰ ক্ষতি হয়! এই মন্তব্যই ইতিমধ্যেই দেশৰ ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰিছে। তেওঁ কয় যে এবাৰ তেওঁক এগৰাকী মহাৰাজে কৈছিল যে দলৰ বাবে বেয়া সময় আহি আছে আৰু বিৰোধীয়ে বিজেপিৰ ওপৰত মড়ক শক্তি প্ৰয়োগ কৰিছে। সেই কথা শুনাৰ সময়ত হেনো তেওঁ বিশেষ গুৰুত্ব দিয়া নাছিল যদিও এতিয়া দলৰ পৰিস্থিতি দেখি সেই কথা সত্য বুলি বিশ্বাস হৈছে।

বিগত এটাবছৰত মৃত্যু হোৱা বিজেপি নেতাসকল- 

১৬ আগষ্ট, ২০১৮ - প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ী

২৮ অক্টোবৰ, ২০১৮ - দিল্লী প্রাক্তন মুখ্যমন্ত্রী মদনলাল খুৰানা

১২ নৱেম্বৰ, ২০১৮ - প্রাক্তন কেন্দ্রীয় মন্ত্রী অনন্ত কুমাৰ

১৭ মার্চ, ২০১৯ - গোৱাৰ প্রাক্তন মুখ্যমন্ত্রী তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী মনোহৰ পাৰিকৰ

২১ জুলাই, ২০১৯ - দিল্লী প্রাক্তন বিজেপি সভাপতি মাঙ্গে ৰাম গর্গ

২১ আগষ্ট, ২০১৯ - মধ্যপ্রদেশৰ প্রাক্তন মুখ্যমন্ত্রী বাবুলাল গৌৰ

৬ আগষ্ট, ২০১৯ -  প্রাক্তন কেন্দ্রীয় মন্ত্রী সুষমা স্বৰাজ

২৪ আগষ্ট, ২০১৯ - প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলি

উল্লেখ্য যে চলিত মাহত বিজেপিৰ অন্যতম এই দুই প্রধান মুখৰ প্রয়াণ ঘটিছে। ইয়াকে লৈ দলৰ ভিতৰচ’ৰাত শোক আছেই, সমগ্ৰ দেশতো তাৰ প্ৰভাৱ পৰিছে। এইবাৰ এই মৃত্যুক লৈও ৰাজনীতি আৰম্ভ কৰিছে সাধ্বী প্রজ্ঞা।