one ULFA over geound cadre arrested   

11:33 AM Mar 09, 2020 | G Plus News

৯ মাৰ্চ, গুৱাহাটী : মৰাণত আলফাৰ অভাৰ গ্ৰাউণ্ডৰ সদস্য গ্ৰেপ্তাৰ। দেওবাৰে নিশা ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত তিলৈনগৰত  সেনাৰ নৱম ৰাজপুতানা ৰাইফলছে  সদস্যগৰাকীক আটক কৰি মৰাণ আৰক্ষী থানাত চমজাই দিয়ে। সদস্যগৰাকী শিৱসাগৰ হাঁহচৰাৰ অভিজিৎ চেতিয়া(২৬)। 

আৰক্ষীয়ে অভিজিৎৰ পৰা  তিনিটা ম'বাইল হেণ্ডছেটসহ নগদ ১ লাখ,২৩ হাজাৰ ৭৮ টকা জব্দ  কৰে।  দীৰ্ঘ দিন ধৰি আলফাৰ সৈতে ছচিয়েল মেডিয়া আৰু ফোনৰ যোগেদি আলফা দুৰ্ধৰ্ষ নেতা অভিজিৎ অসম ওৰফে অভিজিৎ গগৈ সৈতে যোগাযোগ কৰি অভাৰ গ্ৰাউণ্ডৰ কাৰ্য-কলাপ সমূহ চলাই আহিছিল অভিজিৎ।

মৰাণ আৰক্ষীয়ে অভিজিৎৰ বিৰুদ্ধে ৭৭/২০২০ নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি  ১২০বি/১২১/১২১এ/আই পি চি,আৰ চি ১০/১৩ইউ এ পি এক্টত/আৰ ডব্লউ ৬৬ এফ ইনফৰ্মেশন টেকনলজি এক্টত আজি ডিব্ৰুগড় ন্যায়াধীশ ওচৰত হাজিৰ কৰাই পুনৰ আৰক্ষী জিম্মাত লৈছে । ইফালে অভিিজৎে ব্যৱহাৰ কৰা এ এছ ০৪ বি চি ৩৭৭৬ নম্বৰৰ মহেন্দ্ৰ ডি আইখনো আৰক্ষীয়ে  জব্দ কৰিছে।