Miscreants looted 1.52 lacs rupees in Ganeshguri 

09:23 AM Feb 04, 2020 | G Plus News

৪ ফেব্ৰুৱাৰী, গুৱাহাটী : পুনৰ মহানগৰীত দুৰ্বৃত্তৰ ধন লুটৰ ঘটনা। মহানগৰীৰ ছয়মাইলস্থিত ষ্টেট বেংক অব ইণ্ডিয়া শাখাৰ সমীপত বসন্ত হাতিমূৰীয়া নামৰ লোক জনৰ পৰা দুৰ্বৃত্তই নগদ  ১.৫২ লাখ টকা লুটি লৈ যায়। 

প্ৰাপ্ত খবৰমতে লোকজনে ছয়মাইলৰ ষ্টেট বেংক শাখাৰ পৰা ধন খিনি উলিয়াই আনি থকা পথত দুৰ্বৃত্তৰ দলটোৱে টকাখিনি থাপ মাৰি লৈ যায়। খানাপাৰা দিশৰ পৰা আহি থকা পথত দুৰ্বৃত্তকেইটাই ধন খিনি কাঢ়ি লৈ দ্ৰুতগতিত গণেশগুৰিৰ দিশে পলায়ন কৰে।