+

Husband attacked on his wife in Beltola

৯ ছেপ্তেম্বৰ, গুৱাহাটী : মহানগৰীৰ বেলতলা তিনিআলিত পত্নীক ছুৰীৰে উপৰ্যুপৰি আক্ৰমণ স্বামীৰ। বেলতলা তিনিআলিত থকা বিষ্ণু মন্দিৰৰ সমীপত বকোৰ লক্ষ্য কলিতা নামৰ যুৱকজনে পত্নীক ছুৰীৰে উপৰ্যুপৰি আক্ৰমণ কৰে।


বিশ্ব কলিতা নামৰ এজন লোকৰ সৈতে পত্নীৰ অবৈধ প্ৰেমৰ সম্পৰ্ক থকাৰ সন্দেহত লক্ষ্য কলিতাই মহিলাগৰাকীক হত্যাৰ চেষ্টা চলায়। মহিলাগৰাকীয়ে বিশ্ব কলিতাৰ হোটেলৰ পৰা ওলাই অহাৰ সময়তে লক্ষ্যই আক্ৰমণ কৰে পত্নীক। 

{{4CSF_UaoTFkjY5BY3FzZ}}

লক্ষ্যই উক্ত ঘটনা সন্দৰ্ভত কয় যে আজি তাইক মই মাৰিম বুলিয়েই আহিছিলো। আনহাতে মহিলাগৰাকীক আক্ৰমণৰ পিছতে স্থানীয় ৰাইজে লক্ষ্যক উত্তম–মধ্যম শোধাই বশিষ্ঠ আৰক্ষীক গতাই দিয়ে।

বেলতলাত ভাৰাতীয়া হিচাপে আছিল পৰিয়ালটো। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুয়োকে হেল্থ চিটী হাস্পতালত ভৰ্তি কৰায়। মহিলাগৰাকীৰ অৱস্থা সংকটজনক হোৱাত পিছত তেওঁক গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।  

 

facebook twitter