+

Govt plans to redraw Assam Constituencies borders

গুৱাহাটী - পুনৰ সীমা নিৰ্ধাৰণ কৰা হ’ব ৰাজ্য়ৰ ১২৬ টা বিধানসভা সমষ্টিৰ। ইতিমধ্যেই কংগ্ৰেছ চৰকাৰৰ দিনতেই প্ৰস্তাৱিত এই বহুচৰ্চিত প্ৰক্ৰিয়াটোক বাস্তৱ ৰূপ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে পদক্ষেপ গ্ৰহণৰ সম্ভাৱনা আছে। ২০২১ চনত অনুষ্ঠিতব্য বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি শাসক-বিৰোধী উভয় শিবিৰে প্ৰাৰম্ভিক প্ৰস্তুতি কৰাৰ সময়তে এই গুৰুত্বপূৰ্ণ ইংগিত দিছে গৃহ মন্ত্ৰালয়ৰ এক শীৰ্ষস্থানীয় সূত্ৰই।

উল্লেখ্য যে ২০০১ চনৰ লোকপিয়লৰ তথ্য প্ৰকাশৰ পাছতে ২০০২ চনৰ ১২ জুলাইত উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ কুলদীপ সিঙৰ নেতৃত্বত সমষ্টি পুনৰ গঠন আয়োগ গঠন কৰা হৈছিল৷ আয়োগে দেশৰ ২৫খন ৰাজ্যৰ ৩,৭২৬টা বিধানসভা আৰু ৫১৩টা লোকসভা সমষ্টিৰ পুনৰ গঠন প্রক্রিয়াৰ পৰামর্শাৱলী সম্বলিত প্রতিবেদন ২০০৭ চনৰ ডিচেম্বৰ মাহত সংসদত দাখিল কৰে৷

লক্ষণীয়ভাৱে সেই সময়ত সমষ্টি পুনৰ গঠন প্রক্রিয়াক লৈ বিৰূপ প্রতিক্রিয়াৰ উদ্ভৱ হৈছিল৷ ইয়াৰ বিৰোধিতা কৰিছিল একাংশ দল–সংগঠনে৷ আনকি সমষ্টি পুনৰ গঠন প্রক্রিয়াৰ পৰা অসমক ৰেহাই দিয়াৰ আর্জিৰে ২০০৭ চনৰ জানুৱাৰী মাহত অসম বিধানসভাৰ তেতিয়াৰ অধ্যক্ষ টংক বাহাদুৰ ৰাইৰ নেতৃত্বত এটা সর্বদলীয় প্রতিনিধি দলে নতুন দিল্লীত তদানীন্তন কেন্দ্রীয় গৃহমন্ত্রী শিৱৰাজ পাটিলক সাক্ষাৎ কৰিছিল৷ সর্বদলীয় প্রতিনিধি দলটোৱে পাটিলক দিয়া স্মাৰক–পত্রত স্পষ্টভাৱে কৈছিল যে ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণ নোহোৱাপর্যন্ত আৰু উগ্রবাদ নিয়ন্ত্রণ কৰিব নোৱাৰালৈকে অসমত সমষ্টি পুনৰ গঠন প্রক্রিয়া সঠিকভাৱে কার্যকৰী কৰাটো সম্ভৱ নহ’ব৷

ইয়াৰ প্রায় এবছৰ পাছত ২০০৮ চনৰ জানুৱাৰী মাহত কেন্দ্রীয় কেবিনেটে এখন অধ্যাদেশত অনুমোদন জনাই অসমক সমষ্টি পুনৰ গঠন প্রক্রিয়াৰ পৰা ৰেহাই দিয়ে৷ অসমৰ উপৰি একেখন অধ্যাদেশৰ জৰিয়তে সমষ্টি পুনৰ গঠন প্রক্রিয়াৰ পৰা ৰেহাই দিয়া হৈছিল উত্তৰ–পূর্বাঞ্চলৰ আন তিনি ৰাজ্য মণিপুৰ, নাগালেণ্ড আৰু অৰুণাচল প্রদেশৰ লগতে ঝাৰখণ্ডকো৷ ইয়াৰ লগে লগে কার্যতঃ বিষয়টো স্তিমিত হৈ পৰিছিল৷ কিন্তু গৃহ মন্ত্রালয়ৰ সূত্রটোৰ উক্ত ইংগিতে ৰাজ্যৰ সাম্প্রতিক ৰাজনৈতিক প্রেক্ষাপটত যথেষ্ট তাৎপর্য বহন কৰিছে৷ পুনৰ গঠন প্রক্রিয়া কার্যকৰী হোৱাৰ লগে লগে ৰাজ্যৰ সমষ্টিসমূহৰ সীমা নতুনকৈ নির্ধাৰণ হ’ব৷ অৱশ্যে এইক্ষেত্রত নিশ্চিত তথা বিশদ তথ্য সদৰী কৰাৰ পৰা বিৰত থাকে সূত্রটোৱে৷

মন কৰিবলগীয়া যে কেন্দ্রীয়শাসিত জম্মু–কাশ্মীৰৰ বিধানসভা আৰু লোকসভা সমষ্টিসমূহৰ পুনৰগঠনৰ নতুন প্রক্রিয়া আৰম্ভ কৰা হৈছে৷ ইয়াৰ লগে লগে কেন্দ্রীয়শাসিত অঞ্চলৰূপে নতুনকৈ ঘোষণা কৰা জম্মু–কাশ্মীৰত নির্বাচন অনুষ্ঠিত কৰাৰ পথ মুকলি হৈছে৷ স্মর্তব্য যে কেন্দ্রীয় আইন সচিবে সোমবাৰে মুখ্য নির্বাচন আয়ুক্ত সুনীল অৰোৰালৈ প্রেৰণ কৰা এক পত্রযোগে সমষ্টি পুনৰগঠন আয়োগৰ বাবে তেওঁৰ এজন প্রতিনিধিৰ নাম দিবলৈ অনুৰোধ জনায়৷ সেই মর্মে মুখ্য নির্বাচন আয়ুক্ত অৰোৰাই নির্বাচন আয়ুক্ত সুশীল চন্দ্রৰ নাম পেনেলৰ বাবে প্রেৰণ কৰে৷ জম্মু–কাশ্মীৰৰ সমষ্টি পুনৰগঠন প্রক্রিয়াটো সম্পূর্ণ কৰিবলৈ কমেও চাৰি মাহৰ প্রয়োজন হ’ব৷ (উৎস - নিয়মীয়া বাৰ্তা আৰু প্ৰতিদিন টাইম)

facebook twitter