+

FIR launched on Bhupen Hazarika's Bharat Ratna

১৭ আগষ্ট, গুৱাহাটী - ড. ভূপেন হাজৰিকালৈ মৰণোত্তৰভাৱে আগবঢ়োৱা ভাৰতৰত্ন বঁটা সন্দৰ্ভত কালি দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰা হৈছে। দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান এই ভাৰতৰত্ন বঁটা তথা ইয়াৰ লগতে প্ৰদান কৰা প্ৰশস্তিপত্ৰখন ক’ত আছে তাৰ কোনো শুংসূত্ৰ নাই বুলি দাখিল কৰা হৈছে এই এজাহাৰ।

গুৱাহাটীৰ এক বৈদ্যুতিন সংবাদ গোষ্ঠীৰ সাংবাদিক লেনিন সৌৰভ বৰাই দাখিল কৰিছে এই এজাহাৰ। এক অনিশ্চিত সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, প্ৰয়াত পিতৃৰ হৈ ৰাষ্ট্ৰপতিৰ পৰা ভাৰতৰত্ন বঁটা গ্ৰহণ কৰি ড. হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকাই ইতিমধ্যে কানাডালৈ উভতি গৈছে, আৰু ভাৰতৰত্ন বঁটা তথা প্ৰশস্তি পত্ৰও লগতে লৈ গৈছে।

উল্লেখ্য যে প্ৰয়াত সুধাকন্ঠই মৃত্যুৰ পূৰ্বে ইচ্ছাপত্ৰত লিখি থৈ গৈছিল যে তেওঁৰ সকলো বঁটা-বাহন, সন্মান তথা বৌদ্ধিক সম্পদ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত স্থাপন কৰা ড. ভূপেন হাজৰিকা সংগ্ৰহালয়ত অসমবাসী, দেশবাসীয়ে দেখাকৈ ৰখা হওঁক।



জিপ্লাছৰ তৰফৰ পৰা এজাহাৰকাৰী লেনিন সৌৰভ বৰাৰ সৈতে যোগাযোগ কৰাত, শ্ৰী বৰাই কয়, “বছৰ বছৰ ধৰি সুধাকন্ঠক ভাৰতৰত্ন দিব লাগে বুলি দাবী জনাই অহাৰ পিছত প্ৰদান কৰা ভাৰতৰত্ন বঁটাৰ এতিয়া শুংসূত্ৰ নাই। ড. হাজৰিকাই ইচ্ছাপত্ৰত লিখি থৈ গৈছিল যে তেওঁৰ বঁটা-বাহন অসমবাসীয়ে দেখাকৈ থোৱাৰ ব্যৱস্থা কৰা হওঁক। কিন্তু সেয়া নহ’ল।”

তেওঁ লগতে কয়, “ড. হাজৰিকাৰ পৰিয়ালেও এই সন্দৰ্ভত কোনো কথাই অৱগত হোৱা নাই। তেজ হাজৰিকাৰ সৈতে যোগাযোগ কৰিবও পৰা নাই। তেওঁ আনকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সাক্ষাৎ কৰিব বিচৰাৰ পিছতো অগ্ৰাহ্য কৰিলে। এগৰাকী অসমীয়া হিচাপে আমাৰ সকলোৰে অধিকাৰ আছে আমাৰ আদৰৰ ভূপেন দাৰ বঁটাটি ক’ত আছে সেয়া জনাৰ।”
{{P2rLAnPZgiHw4EizVBmE}}

উল্লেখ্য যে বিগত ৮ আগষ্টত নতুন দিল্লীত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা বঁটা গ্ৰহণ কৰাৰ পিছত তেজ হাজৰিকা গুৱাহাটীলৈ আহিছিল আৰু পিতৃৰ ইচ্ছানুসৰিয়েই বঁটাটি অসমবাসীয়ে দেখাকৈ ৰখাৰ ব্যৱস্থা কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল। পিছে বঁটাটি লৈ তেজ হাজৰিকাই কানাডালৈ উভতি যোৱাৰ সম্ভাৱনাই ক্ষোভিত কৰিছে অসমবাসীক।

facebook twitter