Charaideu Police nabbed ULFA (I) linkmen

02:11 PM Dec 21, 2018 | জি প্লাছ নিউজডেস্ক

গুৱাহাটী - ২৫ ডিচেম্বৰত আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব বীৰাংগনা সতী সাধনী সেঁতু (বগীবিল দলং)। পিছে মুকলিৰ চাৰিদিন পূৰ্বেই দলং ধ্বংসৰ পৰিকল্পনাকাৰী জালত পৰিল আৰক্ষীৰ। চৰাইদেউৰ আৰক্ষী অধীক্ষক জিৎমল দলেৰ নেতৃত্বত ১৪৯ চি আৰ পি এফ ২৪৪ ৰেজিমেণ্ট আৰু ভাৰতীয় সেনাৰ সহযোগত চলা এক অভিযানত অসম-অৰুণাচল সীমান্তৱৰ্তী বালিজান গ্ৰাণ্টৰ পৰা এজন আলফাৰ লিংকমেনক গ্ৰেপ্তাৰ কৰে।

লিংকমেনজনৰ লগতে ভালেমান আপত্তিজনক সামগ্ৰীও উদ্ধাৰ কৰা হৈছে। দ্বীপ আৰন্ধৰা ওৰফে মদন নামৰ আলফা (স্বাধীন)ৰ লিংকমেনজনৰ পৰা উদ্ধাৰ হৈছে ২ কেজি ওজনৰ আৰ ডি এক্স, এটা ফিউজ মিটাৰ, দুটা নন-ইলেক্ট্ৰ'নিক ডিটনেটৰ, এটা পইণ্ট ২.২ পিষ্টল আৰু তিনি জাঁই সজীৱ গুলী ।

ধৃত লিংকমেনজনে জেৰাত প্ৰকাশ কৰা অনুসৰি বগীবিল দলং উদ্বোধনৰ প্ৰাক্‌-মুহূৰ্তত বগীবিল দলঙত এক শক্তিশালী বোমা বিস্ফোৰণ ঘটাবলৈ এই বিস্ফোৰক সামগ্ৰীসমূহ লৈ আনিছিল। 

লিংকমেনজনে দিয়া স্বীকাৰোক্তিত কয় যে আলফা নেতা গনেশ অসম আৰু অকণ অসমৰ নিৰ্দেশমৰ্মেই এই বিস্ফোৰক সামগ্ৰীসমূহ অৰুণাচলত থকা আলফা কেম্পৰ পৰা ডিব্ৰুগড়লৈ তেওঁ লৈ আহিছিল। আৰু এই সামগ্ৰী আনি থকা কালতেই চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক জিৎমল দলেৰ নেতৃত্বত চি আৰ পি এফৰ যৌথ অভিযানত জালত পৰে আলফাৰ লিংকমেনজন।

{{bjhAbJRfbTy1zyy7Fafm}}