+

CAB will implement on December - Himanta Biswa Sarma 

১৭ অক্টোবৰ, গুৱাহাটী : বাতাবাৰীত মাৰাথান প্ৰচাৰ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। কৰিমগঞ্জ জিলাৰ বাতাবাৰী সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী বিজয় মালাকাৰৰ হৈ ডঃ হিমন্ত বিশ্ব শৰ্মাই মাৰাথান নিৰ্বাচনী অভিযান চলায়।

উক্ত নিৰ্বাচনী সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় - “অহা দুটা মাহৰ ভিতৰতে প্ৰাধান মন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে  দুটা উল্লেখযোগ্য কাম সম্পন্ন কৰিবলৈ বিচাৰিছে। ইতিমধ্যে কাশ্মীৰৰ পৰা ৩৭০ ধাৰা বিলুপ্তি কৰি ডাঃ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ সপোন বাস্তৱ কৰিছে। অহা ডিচেম্বৰ মাহৰ ভিতৰত প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে নাগৰিকত্ব সশোধনী বিধেয়ক গৃহীত কৰিব। ইয়াৰ পাছত কোনো হিন্দুৱে ডিটেনশ্যন কেম্পত থাকিব নালাগে।”

লগতে মন্ত্ৰীজনে কয় যে কংগ্ৰেছ হিন্দুসকলক ভাগ  ভাগ কৰি নিজৰ মাজতেই সংঘাত সৃষ্টি কৰিব বিচাৰিছে। কংগ্ৰেছে সনাতন ধৰ্মী লোকসকলক বাঙালী হিন্দু, অসমীয়া হিন্দু, বিহাৰী হিন্দু ইত্যাদি হিচাপে ভাগ কৰিব বিচাৰিছে। কংগ্ৰেছ বৰ্তমান অচল ৫০০ টকীয়া নোট বুলিও মন্তব্য প্ৰকাশ কৰে মন্ত্ৰীগাৰীকয়ে। 

facebook twitter