Assam actress Devoleena Bhattacharjee detained, Named in Diamond Merchant Murder Case

06:18 PM Dec 09, 2018 | জিপ্লাছ নিউজডেস্ক

৯ ডিচেম্বৰ, গুৱাহাটী - ঘটনাটো এনেধৰণৰ - ২৮ নৱেম্বৰত হঠাৎে সন্ধানহীন হয় মুম্বাইৰ প্ৰখ্যাত হীৰা ব্যৱসায়ী। নাম তেওঁৰ ৰাজেশ্বৰ কিশোৰী লাল উড়ানী। কেৱল হীৰা ব্যৱসায়ীয়েই নহয়, বিল্ডাৰ হিচাপেও প্ৰতিষ্ঠা লাভ কৰিছিল উড়ানীয়ে। কিন্তু ক’লৈ গ’ল উড়ানী? মুম্বাই আৰক্ষীৰ তন্ন তন্ন সন্ধানৰ পিছতো কোনো শুংসূত্ৰ ওলোৱা নাছিল ব্যৱসায়ী উড়ানীৰ। মুম্বাইত বিল্ডাৰ হিচাপে বিশেষ খ্যাতি থকা উড়ানী কোনো আণ্ডাৰৱৰ্ল্ড গোটৰ চিকাৰ হ’ল নেকি? এনে সন্দেহেই ঘনীভূত হৈছিল প্ৰথমে। মুম্বাইৰ ঘাটকোপৰ পশ্চিম এলেকাত থকা মহালক্ষ্মী নামৰ এপাৰ্টমেন্টৰ বাসিন্দা উড়ানীক অপহৰণ কৰিলে নেকি কোনোৱে? পিছে ৭ ডিচেম্বৰত উড়ানীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেও পোহৰলৈ আহিছে কেতবোৰ বিস্ফোৰক দিশ। নৱী মুম্বাই আৰক্ষীয়ে উড়ানীক হত্যা কৰাৰ কথা নিশ্চিত কৰিছে।

তাৎপৰ্যপূৰ্ণভাৱে এই হত্যাকাণ্ডৰ সৈতে নাম সাঙোৰ খাইছে অসমৰ এগৰাকী অভিনেত্ৰীৰ। শিৱসাগৰৰ নাজিৰাৰ প্ৰতিভাৱান অভিনেত্ৰী দেৱোলীনা ভট্টাচাৰ্যৰ নাম সাঙোৰ খাই পৰিছে এই ঘটনাৰ সৈতে। টেলিভিছনৰ জনপ্ৰিয় ধাৰাবাহিক ‘সাথ নিভানা সাথিয়া’ৰ জনপ্ৰিয় চৰিত্ৰ ‘গোপী’ চৰিত্ৰত কৰা অভিনয়েৰে দেশবাসীৰ হৃদয়ত স্থান লাভ কৰা দেৱোলীনাই মডেলিং আৰু অভিনয়ৰে মুম্বাইত ইতিমধ্যেই প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল। জানিব পৰামতে এই দেৱোলীনাৰে সৌহাদ্যপূৰ্ণ সম্পৰ্ক আছিল ব্যৱসায়ী ৰাজেশ্বৰ উড়ানীৰ সৈতে। আৰক্ষীসূত্ৰত প্ৰকাশ যে ৫৭ বছৰীয়া ব্যৱসায়ীজন সন্ধানহীন হোৱাৰ পূৰ্বে একাধিকবাৰ ফোনযোগে বাৰ্তালাপ হৈছিল অভিনেত্ৰী দেৱোলীনাৰ সৈতে। এই কল ৰেকৰ্ডৰ ভিত্তিতেই এতিয়া নৱী মুম্বাই আৰক্ষীয়ে আগবঢ়াইছে তদন্ত। 

উল্লেখ্য যে ব্যৱসায়ী উড়ানী সন্ধানহীন হোৱাৰ পিছতে অভিনেত্ৰীগৰাকী অসমলৈ আহিছিল বুলি জানিব পৰা গৈছে। ঘটনাক্ৰমে অসমৰ পৰা পুনৰ মুম্বাইলৈ উভতি যোৱাৰ পিছতেই মুম্বাই আৰক্ষীয়ে আটক কৰিছে দেৱলীনাক। মুম্বাইৰ ঘোতকপুৰ পেণ্ডনগৰ থানাত জেৰা কৰা হৈছে অভিনেত্ৰীগৰাকীক। ব্যৱসায়ীজনৰ পুত্ৰই ৰুজু কৰা এক গোচৰৰ ভিত্তিত ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আগবাঢ়িছে।

ইতিমধ্যে এই ঘটনা সন্দৰ্ভত ১২ জনৰো অধিক লোকক আৰক্ষীয়ে আটক কৰিছে। ডিএনএ-ই প্ৰকাশ কৰা তথ্য অনুসৰি উড়ানীৰ হত্যা সংক্ৰান্তত দুগৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ইয়াৰ ভিতৰত আছে এগৰাকী ৰাজনীতিবিদৰ প্ৰাক্তন ব্যক্তিগত সহায়ক আৰু এগৰাকী নিলম্বিত আৰক্ষী কনিষ্টবল। এই দুয়োগৰাকীৰ লগতেই সমান্তৰালভাৱে জেৰা অব্যাহত ৰাখিছে অভিনেত্ৰী দেৱোলীনা ভট্টাচাৰ্যকো। 

ৰাইগড় জিলাৰ কাষতে লাগি থকা ঘন জংঘলত ব্যৱসায়ীজনৰ মৃতদেহ উদ্ধাৰৰ তিনিদিন পিছত কেবাঘণ্টাজোৰা জেৰা কৰা হয় দেৱোলীনাক। দেৱোলীনা সন্দৰ্ভত আৰক্ষীয়ে বিশেষ কথা সদৰী কৰা নাই যদিও সোধা-পোছাৰ বাবে ধাৰাবাহিক-চলচ্চিত্ৰ জগতৰ একাধিক মহিলাক এই ঘটনাৰ আওতালৈ অনা হ’ব বুলিও জনাইছে। 

{{bjhAbJRfbTy1zyy7Fafm}}

ঘটনা সন্দৰ্ভত পূৱ মণ্ডলৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত লক্ষী গৌতমে কয়, “গ্ৰেপ্তাৰ কৰা দীনেশ পাৱাৰ নামৰ কনিষ্টবল আৰু বিধায়কৰ প্ৰাক্তন ব্যক্তিগত সহায়ক শচীন পাৱাৰ দুয়োৱেই মৃত উড়ানীক জানিছিল। শচীনক শনিবাৰে গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে শুক্ৰবাৰেই গ্ৰেপ্তাৰ কৰা হৈছিল দীনেশক। জেৰাৰ পিছৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে ধনৰ লেন-দেন সম্পৰ্কীয় বিবাদ আৰু শচীনৰ কোনো মহিলা বন্ধুৰ প্ৰতি উড়ানীৰ অহেতুক আসক্তিয়েই এই হত্যাকাণ্ডৰ আধাৰ হ’ব পাৰে। অৱশ্যে সবিশেষ তদন্তৰ পিছতহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব।