Artificial Intelligence based StormyTV Launched

09:49 AM Jun 25, 2020 | G Plus News

২৫ জুন, গুৱাহাটী: সমগ্ৰ বিশ্বই COVID-19 ৰ সৈতে যুঁজ কৰি আছে, তেনে এক সময়তে এক কৃত্ৰিম বুদ্ধিমত্তা বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স মেছিন লাৰ্ণিং পদ্ধতি মুকলি কৰা হৈছে। উল্লেখ্য যে এই পদ্ধতিয়ে কম্পিউটাৰক মানৱ বুদ্ধিমত্তাৰ অবিকল অনুকৰণ কৰাৰ ক্ষেত্ৰত সক্ষম কৰি তোলে আৰু পেটাৰ্ণ তথা ইনছাইটক ক্ষীপ্ৰতাৰে চিনাক্ত কৰিবৰ বাবে বৃহৎ পৰিমাণৰ ডাটা সংৰক্ষণ কৰিব পাৰে। শেহতীয়াকৈ এই পদ্ধতি এক বৃহৎ উদ্যোগ হিচাপে গঢ় লৈ উঠিবৰ বাবে সাজু হৈ উঠিছে।

বাস্তৱিকতে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বা কৃত্ৰিম বুদ্ধিমতা সন্নিৱিষ্ট কম্পিউটাৰ ভিজন, যিয়ে কম্পিউটাৰক মানুহে বিশ্বখন দেখাৰ লেখীয়াকৈ চোৱাৰ এক সুবিধা প্ৰদান কৰে, আৰু ই সমগ্ৰ বিশ্বজুৰি মিডিয়া প্ৰেক্ষাপটত পূৰ্বৰে পৰাই ব্যৱহাৰ হৈ আহিছে। আৰু ভালেমান কোম্পানীয়ে এতিয়া AI বিজনেছ মডেলৰ বিস্তাৰৰ বাবে ভাৰতৰ বৃহৎ বৃহৎ বজাৰৰ ওপৰত চোকা নজৰ ৰাখিছে।
এই স্পৰ্শ নকৰা ক্ষেত্ৰখনলৈ আহিবলগীয়া ক্ৰেটুজ ইংক হৈছে নিউয়ৰ্কস্থিত এক ষ্টাৰ্টআপ ফাউণ্ড্ৰী আৰু বুটিক বিনিয়োগ বেংকিং আৰু পৰামৰ্শদাতা প্ৰতিষ্ঠান, যিয়ে নিজা প্লেটফৰ্ম M & A ত বিশেষজ্ঞতা, পুনৰ্গঠন আৰু প্ৰযুক্তিগত ষ্টাৰ্ট-আপৰ বাবে পৰামৰ্শদাতা হিচাপে কাম কৰি আহিছে।

এই কোম্পানীটোৰ প্ৰথমটো প্ৰয়াস ষ্ট’ৰ্মী টিভি হৈছে এক আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ভিত্তিক উদ্ভাৱনীয় মঞ্চ, যাক নেতৃত্ব প্ৰদান কৰিছে ক্ৰেটুজ ইংকৰ প্ৰতিষ্ঠাপক কুলদীপ ভাইনাই। ক্ৰমবৰ্ধিত প্ৰযুক্তি ধাৰাৰ ওপৰত শ্ৰী কুলদীপ ভাইনাৰ আছে অনবদ্য দখল আৰু বিগত দুটা দশকত তেওঁ নিজৰ কেৰিয়াৰত ভালেমান সফল কাৰ্যসূচী ৰূপায়নৰ লগতে ১৫ তকৈও অধিক ষ্টাৰ্ট-আপ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। 
ক্ৰেটুজ ইংকৰ প্ৰতিষ্ঠাপক তথা সঞ্চালক কুলদীপ ভাইনাই কয়, “আৰ্টিফিচিয়েল ইণ্টেলিজেন্স চমুকৈ এআই হৈছে কম্পিউটাৰ ছিষ্টেমৰ দ্বাৰা মানৱ বুদ্ধিৰ অনুকৰণ কৰা এক অনবদ্য ব্যৱস্থা। এই পদ্ধতি এনে এক ব্যাপক সঁজুলি যিয়ে আমাক প্ৰভাৱী ৰূপত তথ্যবোৰ একত্ৰিত কৰা, ডাটা বিশ্লেষণ কৰা আৰু নিৰ্ণয় লোৱাৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে সহায় কৰে আৰু সেইবোৰক প্ৰভাৱী ৰূপত ব্যৱহাৰ কৰিবৰ বাবেও সুচল কৰি তোলে। AI ত প্ৰতিদিনে অসাধাৰণ উন্নয়ন সাধন হয়। উদাহৰণস্বৰূপে ৰ’বট আৰু চালক নথকা বাহন আজি ক্ষীপ্ৰতাৰে গতানুগতিক হৈ পৰিছে।”

তেওঁ আৰু কয়, “এই কথা স্পষ্ট যে কৃত্ৰিম বুদ্ধিমত্তাৰ লগত কথা পতাটো অতি শীঘ্ৰেই দৈনন্দিন জীৱনশৈলীৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিব। AI বা কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ ব্যাপকভাৱে জটিল সমস্যাবোৰৰ পৰা মুক্ত হোৱা আৰু সেই সমাধানবোৰ উলিয়াবৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব, যিবোৰ মানৱ কল্যাণৰ বাবে অতি গুৰুত্বপূৰ্ণ হৈ উঠিব। AI ৰ মাজত তদাৰকী, শিক্ষা, মিডিয়া আৰু মনোৰঞ্জনৰ দৰে বিভিন্ন ক্ষেত্ৰক সম্পূৰ্ণৰূপে সলনি কৰি পেলোৱাৰ সামৰ্থ্য আছে।”

তেওঁ ইয়াৰ লগতে কয় যে তেওঁ মুকলি কৰা আৰ্ট ষ্ট’ৰ্মী টিভিৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স সমৃদ্ধ ব্যৱস্থা হৈছে এক ইণ্টেলিজেণ্ট ভিডিঅ’ প্লেটফৰ্ম, যিয়ে কণ্টেণ্ট মেনেজমেণ্ট, ভিডিঅ’ ডিষ্ট্ৰিবিউশ্যন আৰু অ’টিটি ষ্ট্ৰীমিং ছাৰ্ভিছৰ আটাইবোৰ উপাদান ব্যৱস্থাপনা আৰু সম্পাদন কৰিব পাৰে। 
ৱৰ্কফ্ল’ লজিষ্টিকক সৰল কৰি তুলিবলৈ আৰু বুদ্ধিমত্তাৰে পৰিচালনাৰ সৈতে গ্ৰাহকসকলৰ প্ৰতি দায়বদ্ধতাৰে সৈতে ষ্ট’ৰ্মী টিভিয়ে কণ্টেণ্ট ভেল্যু আৰু ইয়াৰ প্ৰদৰ্শন বৃদ্ধি কৰিবৰ বাবে সাজু হৈ আছে। 
ক্ৰিটজৰ বাবে ষ্ট’ৰ্মী টিভিক সমূখৰ পৰা নেতৃত্ব প্ৰদান কৰা বিশিষ্ট মিডিয়া উদ্যোগী ৰাজ কে পাঠকে কয়, “ষ্ট’ৰ্মী টিভিৰ কণ্টেণ্টখিনি সমগ্ৰ ভাৰতৰ পৰা, বিশেষকৈ উত্তৰ-পূৱ ভাৰতৰৰ পৰা উপলব্ধ কৰোৱা হ’ব – কিয়নো এক উপযুক্ত মঞ্চৰ অভাৱতেই আদিবাসী বা জনজাতীয় প্ৰতিভাসমূহে দশক দশক ধৰি অন্ধকাৰত থাকিবলগীয়া হৈছে। ষ্ট’ৰ্মী টিভিয়ে সেই অভাৱখিনি পূৰণ কৰিবলৈ সক্ষম হ’ব।” তেওঁ লগতে কয় যে ইয়াৰ উপৰিও ষ্ট’ৰ্মী টিভিয়ে বিভিন্ন কামৰ উপৰিও আকৰ্ষণীয় পুৰস্কাৰৰো ব্যৱস্থা কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। ইয়াৰ বাবে ইয়াৰ পাইপলাইনত অন্যান্য শ্ব’, যেনে ষ্ট’ৰ্মী টিভি গেমাৰ হাণ্ট, ষ্ট’ৰ্মী টিভি ফিটনেছ চেম্পিয়ন আৰু ষ্ট’ৰ্মী টিভি স্প’ৰ্টছ হাণ্টো থাকিব।”

উল্লেখ্য যে মিডিয়া উদ্যোগটোত ২০ বছৰৰো অধিক সময়ৰ অভিজ্ঞতাৰে পুষ্ট ৰাজে পূৰ্বেও ছাইবাৰ মিডিয়া টিভিৰ পৰামৰ্শদাতা আৰু মূৰব্বী হিচাপে কাম কৰিছে।ভাৰতৰ উপৰিও ষ্ট’ৰ্মী টিভি কণ্টেণ্টৰ টাৰ্গেট অডিয়েন্স মধ্য আৰু দক্ষিণ এছিয়াতো থাকিব, যিসকলৰ উত্তৰ-পূৱ ভাৰতৰ লোকসকলৰ সৈতে ঘনিষ্ঠতা সৰ্বাধিক।