A girl made paper's crafts in Morigaon 

10:03 AM Feb 24, 2020 | G Plus News

২৪ ফেব্ৰুৱাৰী, গুৱাহাটী : পেলনীয়া খবৰ কাগজেৰে  প্ৰয়োজনীয় সা সামগ্ৰী সাজি চমক সৃষ্টি কৰিছে মৰিগাঁৱৰ এগৰাকী যুৱতীয়ে। প্ৰিয়ংকা গোস্বামী নামৰ যুৱতীগৰাকীয়ে পুৰণি পেলনীয়া খবৰৰ কাগজেৰে মুখাশিল্প তথা বঁটা, খৰাহী,ফুল ডানি,ধূপদানি,জাপি,মুখা আদি বহু প্ৰয়োজনীয় সামগ্ৰী নিৰ্মাণ কৰিছে।


মৰিগাঁও-নগাঁও সীমান্তৱতী কপাহেৰাৰ জ্যেষ্ঠ সাংবাদিক নিখিল ৰঞ্জন গোস্বামী আৰু দীপা গোস্বামীৰ জ্যেষ্ঠ কন্যা প্ৰিয়ংকা গোস্বামীয়ে নগাঁও মহাবিদ্যালয়ৰ ইগন'ত সমাজতত্ব বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়ন কৰি আছে।যুৱতী গৰাকীয়ে ইউটিউবতে দেখি কোনোধৰণৰ প্ৰশিক্ষণ নোলোৱাকৈ এনেদৰে পেলনীয়া কাগজেৰে সাজি উলিয়াইছে মুখা শিল্পকে ধৰি প্ৰয়োজনীয় বিবিধ সামগ্ৰী।

ছাত্ৰী গৰাকীয়ে আজৰি সময়ত নিজা ঘৰখনত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ সাজি উলিয়াই।