+

3 Rhino killed in Kaziranga National park in this year 

৪ জানুৱাৰী, গুৱাহাটী : ৰাজ্যবাসীৰ বাবে সুখবৰ। ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে গঁড় নিধনৰ ঘটনা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সমীক্ষামতে ২০১৯ বৰ্ষত ৰাষ্ট্ৰীয় উদ্যানখনত ৩টাকৈ চোৰাং গঁড় নিধনৰ হত্যাৰ তথ্য পোহৰলৈ আহিছে।

আনহাতে বিগত ২০১৭-১৮ বৰ্ষত উদ্যানখনত চোৰাং চিকাৰীয়ে ৭ টাকৈ গঁড় হত্যা কৰিছিল।২০১৩ চনৰ পৰা ২০১৪ চনৰ ভিতৰত মুঠ ২৭ টা এশিঙীয়া গঁড় হত্যা কৰা হৈছিল।চলিত বছৰত এটাও গঁড় হত্যা নোহোৱাৰ আশা প্ৰকাশ কৰিছে  কাজিৰঙা কৰ্তৃপক্ষই ।

শেহতীয়া ৰাষ্ট্ৰীয় উদ্যানখনত ৰাজ্য চৰকাৰে বন্যপ্ৰাণীৰ বাবে  কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছিল। ৰাজ্য চৰকাৰে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ নিৰাপত্তা ব্যৱস্থা সুদৃঢ় কৰিবলৈ বিশেষ গঁড় সুৰক্ষা বাহিনী গঠন কৰিছিল। এই বিশেষ বাহিনীৰ ৮২গৰাকী জোৱানক জালুকবাৰী, মাকুম আৰু বঢ়মপুৰ আৰক্ষী বাহিনীৰ শিবিৰত উন্নত প্রশিক্ষণৰ জৰিয়তে এশিঙীয়া গঁড় নিৰাপত্তাৰ ৰাষ্ট্ৰীয় উদ্যানখনত দায়িত্ব প্ৰদান কৰিছিল। সুৰক্ষা বাহিনীৰ প্রতিগৰাকী জোৱানক গঁড় ৰক্ষাৰ বাবে অত্যাধুনিক অস্ত্র-শস্ত্রও প্ৰদান কৰিছিল। 

   

facebook twitter