3 Assam writers bag Sahitya Akademi award

07:19 AM Dec 06, 2018 | জি প্লাছ নিউজডেস্ক

গুৱাহাটী - অসমৰ বিশিষ্ট কবি সনন্ত তাঁতীলৈ আগবঢ়োৱা হৈছে ২০১৮ বৰ্ষৰ সাহিত্য অকাডেমী। কবি তাঁতীৰ লগতে বিশিষ্ট বড়ো সাহিত্যিক ঋতুৰাজ বসুমতাৰী আৰু নেপালী সাহিত্যিক লোকনাথ উপাধ্যায়লৈ আগবঢ়োৱা হৈছে সাহিত্য অকাদেমী বঁটা। একেটা বৰ্ষতে তিনিগৰাকীকৈ অসমীয়া সাহিত্যিকে সাহিত্য অকাডেমী পুৰস্কাৰ লাভ কৰাত স্বাভাৱিকতে সৰ্বত্ৰ আনন্দৰ পৰিৱেশ সৃষ্টি হৈছে। 

কবি তাঁতীক তেওঁৰ কাব্যগ্ৰন্থ ‘কাইলৈৰ দিনটো আমাৰ হ’ব’ৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে। ইফালে ঋতুৰাজ বসুমতাৰীক তেওঁৰ গল্প পুথি ‘Dwngse Lama’ আৰু লোকনাথ উপাধ্যায়ক ‘Kino Royeu Upamaa’ গল্প পুথিৰ বাবে এইবছৰৰ সাহিত্য অকাডেমী বঁটা আগবঢ়োৱা হৈছে।


অহা ২৯ জানুৱাৰীত নতুন দিল্লীত এক অনুষ্ঠানত প্ৰদান কৰিবলগীয়া এই বঁটাত আছে নগদ ১ লাখ টকা, এখন স্বীকৃতি খোদিত তাম্ৰ পত্ৰ আৰু এখন অংগবস্ত্ৰ। এইবছৰ মুঠ ২৪টা ভাষাৰ সাহিত্যলৈ সাহিত্য অকাডেমী বঁটা ঘোষণা কৰা হৈছে।

{{PRx6ntEp8c4ucb9q4yvj}}


উল্লেখ্য যে সম্প্ৰতি কৰ্কট ৰোগত আক্ৰান্ত হৈ নতুন দিল্লীত চিকিৎসাধীন হৈ থকা তাঁতীৰ ভালেমান কবিতা প্ৰায়বোৰ ভাৰতীয় ভাষালৈ অনূদিত হৈছে। ‘উজ্জ্বল নক্ষত্ৰৰ সন্ধানত’ কাব্য সংকলনেৰে যাত্ৰা আৰম্ভ কৰা তাঁতীৰ কাব্য সংকলনৰ ১০ খনতকৈও অধিক।
 
সাহিত্য অকাদেমীৰ পূৰ্বেও তাঁতীয়ে অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল।

ইফালে কাৰ্বিআংলং জিলাৰ ডকমকাৰ লাংহিনৰ বড়ো সাহিত্যিক ঋতুৰাজ বসুমতাৰীয়ে সংশ্লিষ্ট গল্প সংকলনখনৰ বাবেই লাভ কৰিছিল বড়ো সাহিত্য সভাই আগবঢ়োৱা ২০১৬ বৰ্ষৰ সোমেশ্বৰী ব্ৰহ্ম সাহিত্য বঁটাও। আনগৰাকী অসমসন্তান তথা নেপালী সাহিত্যিক লোকনাথ উপাধ্যায়ৰ জন্ম অসমৰ ডিগবৈত যদিও বৰ্তমান শিলিগুৰিৰ বাসিন্দা।