+

20 kg Ganza seized in Darang

১১ অক্টোবৰ, গুৱাহাটী : খাৰুপেটীয়া আৰক্ষীৰ বৃহৎ সাফল্য । দৰং জিলাৰ খাৰুপেটীয়া থানাৰ অন্তৰ্গত পূব বাহাবাৰী গাঁৱত আৰক্ষীয়ে অভিযান চলায় ২০ কেজি গাঞ্জাসহ এজন সৰবৰাহকাৰীক আটক কৰে। সৰবৰাহকাৰীজনৰ নাম ৰেজাউল কৰিম বুলি চিনাক্ত কৰে।

এক গোপন সূত্ৰৰ পম খেদি দৰঙৰ খাৰুপেটীয়া আৰক্ষীৰ এটা দলে অভিযান চলাই  যুৱক জনৰ ঘৰৰ পিছফালৰ  পৰা উদ্ধাৰ কৰে গাঞ্জা খিনি । আৰক্ষীয়ে জনোৱা মতে গাঞ্জা খিনিৰ মূল্য প্ৰায় এক লাখ টকা হব বুলি জনায় । 

খাৰুপেটীয়া আৰক্ষীয়ে অধিক তথ্যৰ বাবে যুৱকজনৰ জেৰা অব্যাহত ৰাখিছে।

facebook twitter