+

We oppose CAB - Paresh Baruah

৭ ডিচেম্বৰ, গুৱাহাটী : কেবৰ প্ৰতিবাদত জ্বলিছে অসম। ক’লা  বিধেয়কখন কেতিয়াও মানি লোৱা নহ’ব।জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সংযুক্ত মুক্ত বাহিনী, অসমৰ সেনাপ্ৰধান পৰেশ বৰুৱাই।

ৰাজ্যজুৰি কেব বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰি থকা প্ৰতিবাদকাৰীসকলক আহ্বান জনায় বৰুৱাই কয়, “অকলে অকলে আন্দোলন কৰি লাভ নাই। সকলো দল-সংগঠন একত্ৰিত হৈ ওলাই আহক।ব্যক্তিগত স্বাৰ্থ বাদ দি একলগ হওঁক দল-সংগঠনসমূহ। ”

লগতে প্ৰফুল্ল মহন্তক উদ্দেশ্যি কয়, “আঞ্চলিক দলক বিভাজন নকৰিব। গুপ্তঘাটক মহন্তক ৰাইজে নিবিচাৰে। পুনৰ মুখ্যমন্ত্ৰী হোৱাৰ আশাৰে মহন্তই ৰাজনীতি কৰিছে।  আমি আঞ্চলিক দলটোৰ উন্নতি বিচাৰো। কেব আহিলে অগপয়ে কি কৰিব স্থিতি নিৰ্ণয় কৰক।”

অসমৰ থলুৱা দল-সংগঠনসমূহক দিৱৃল্লীৰ ওচৰত বিক্ৰী নাযাবলৈ আহ্বান জনাই আলফা(স্বাধীন)ৰ সেনাধ্যক্ষগৰাকীয়ে। 

facebook twitter