+

ULfA flag hosting at Kaki and Golaghat

২৮ নৱেম্বৰ, গুৱাহাটী : ৰাজ্যৰ বিভিন্ন অঞ্চলত উৰিছে সংযুক্ত মুক্তি বাহিনী অসমৰ পতাকা। বৃহস্পতিবাৰে পুৱা নগাঁও জিলাৰ লংকা ১ নং কাকী কনিষ্ঠ মহাবিদ্যালয়ৰ গেটত আলফা(স্বাধীন)ৰ পতাকা উৰিছিল।  ইয়াৰ পাছতেই গোলাঘাট জিলাৰ  ৰঙাজানৰ ৰাজপথত আলফা (স্বাধীন)ৰ পতাকা উৰে। 

গোলাঘাট জিলাৰপৰা ডিমাপুৰ সংযোগী ৩৯ নং ৰাজপথৰ ডিভাইডাৰত আলফা (স্বাধীন)ৰ পতাকা উৰুৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

ইতিমধ্যে লামডিং আৰক্ষী আৰু ৰে'লৱে আৰক্ষীৰ যৌথ অভিযানত আলফা স্বাধীনৰ পতাকা উৰুৱা কাণ্ডৰ লগত জড়িত এজন লিংকমেনক আটক কৰিবলৈ সক্ষম হৈছে। সম্প্ৰতি ধৃত যুৱকজনক বৰ্তমান লংকা থানাত জেৰা অব্যাহত ৰাখিছে। 

facebook twitter