+

Two ULFA cadres arrested in Charaideou district

২৫ জানুৱাৰী, গুৱাহাটী : গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত সোণাৰিত দুই আলফা সদস্য আটক। চৰাইদেউ জিলাৰ ডাঙৰীকুমাৰ আৰু সাপেখাতি সেনা শিবিৰৰ লগতে সাপেখাতি আৰক্ষীৰ যুটীয়া অভিযানত কেডাৰ দুগৰাকীক আটক কৰিবলৈ সক্ষম হয়।  

আটকাধীন আলফা সদস্যদ্বয় ধেমাজি জিলাৰ শ্ৰীপানী আহোম গাঁৱৰ ভাস্কৰজ্যোতি ফুকন ওৰফে উদয়ন শইকীয়া আৰু চৰাইদেউ জিলাৰ জুটুলনি হাবিৰ উমেশ বুঢ়াগোহাঁই।

সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে ভাস্কৰ জ্যোতি ফুকন আলফা স্বাধীনৰ দুধৰ্ষ সদস্য লেফটেনেন্ট অভিজিৎ গগৈৰ নেতৃত্বত উজনি অসমৰ চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি আৰু লক্ষিমপুৰ জিলাত সদস্য ভৰ্তি, ধনদাবী আদি কাৰ্য্য লগত জড়িত আছিল। সেনাবাহিনীয়ে যুৱকদ্বয়ৰ পৰা ৭.৫৬ এটা পিষ্টল, ২ জাঁই সজীৱ গুলি, এখন বাইক, মোবাইল সহ বহুতো আপত্তিজনক নথি পত্ৰ উদ্ধাৰ কৰে ৷

সেনাবাহিনীয়ে কেডাৰ দুগৰাকীৰ সোধ পোছ অব্যাহত ৰাখিছে।

facebook twitter