Treason cases increased in Assam 

07:28 AM Jan 11, 2020 | G Plus News

১১ জানুৱাৰী, গুৱাহাটী : কাশ্মীৰকো পিছ পেলাই  ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ। বিগত দুই বছৰৰ পৰা ৰাজ্যখনত ৰাজ্যখনত অপৰাধ প্ৰৱণতা বৃদ্ধি পোৱাৰ ভয়ানক তথ্যৰ কথা পোহৰলৈ আহে। 

নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ৰ শেহতীয়া প্ৰতিবেদন মতে দেশৰ ভিতৰতে অসমত  সৰ্বাধিক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু হৈছে। বিগত ২০১৮ বৰ্ষত অসমত মুঠ  ১৭ টা ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছিল। এই গোচৰত মুঠ ২৭ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। 

ইফালে, নাৰীজনিত অপৰাধ তথা বলাৎকাৰ কৰি হত্যা কৰাৰ তালিকাটো দেশৰ ভিতৰত শীৰ্ষ স্থান লাভ কৰিছে অসমে। আনহাতে বে-আইনী কাৰ্য-কলাপতো মুঠ ৩০৮ টা গোচৰ ৰুজু দেশৰ ভিতৰত শীৰ্ষস্থানত আছে অসম। ইফালে ২০১৮ বৰ্ষত  বে-আইনী কাৰ্য-কলাপৰ বিৰুদ্ধে কৰা হৈছে আৰু বলাৎকাৰ কৰি হত্যা কৰাৰ গোচৰত ৬৬ টা গোচৰ ৰুজু কৰা হৈছে। 

স্মৰ্তব্য যে অসমত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু হোৱা বিপৰীতে কাশ্মীৰত ৰুজু হোৱা গোচৰৰ সংখ্যা হৈছে ১২ টা। ইয়াৰ পাছতেই কেৰেলাত ৯ টা আৰু মণিপুৰত ৪ টা গোচৰ ৰুজু কৰা হৈছে।