+

Supreme Court refuses to reopen reverification process as NRC deadline nears

১৪ আগষ্ট, গুৱাহাটী - নাগৰিকত্ব আইনৰ  ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ কাম ৩(১)(ক) ধাৰাৰ অধীনত থকা জন্মসূত্ৰে নাগৰিকত্ব লাভৰ ব্য়ৱস্থাৰ বাবে শেষ মুহুৰ্তত পুনৰায় নহয় । আজি এই সন্দৰ্ভত উচ্চতম ন্য়ায়ালয়ে ৰায়দান আগবঢ়ায় এই কথা ঘোষণা কৰে। 

উচ্চতম ন্য়ায়ালয়ে পূৰ্বতে বাতিল কৰা আই এম ডি টি আইনৰ সময়ছোৱাত বিদেশী বা ভাৰতীয় হিচাপে চিনাক্ত হোৱা ব্য়ক্তি, ডি ভোটাৰ আৰু বিদেশী ন্য়ায়াধিকৰণত বিচাৰধীন লোক তথা তেওঁলোকৰ সতি সন্ততিৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত কৰা বিষয় সন্দৰ্ভত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্য়িক সমন্বয়কে উচ্চতম ন্য়ায়ালয়ৰ নিৰ্দেশনা বিচৰাছিল। ২০০৪ চনৰ ৩ ডিচেম্বৰৰ পিচত জন্মলাভ কৰা যিকোনো সন্তানৰ পিতৃ বা মাতৃ যদি বিদেশী ঘোষণা কৰা হয়, তেন্তে সন্তানৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অৰ্ন্তভুক্ত নোহোৱাতো আজি ন্য়ায়ালয়ে স্পষ্ট কৰি দিয়ে।

 ন্য়ায়ালয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ তথ্য় আধাৰৰ দৰে সুৰক্ষিত কৰিবলৈ এক উপযুক্ত ব্য়ৱস্থা চৰকাৰক যুগুতাই উলিয়াবলৈ চৰকাৰক নিৰ্দেশ দিয়ে। আধাৰৰ দৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ তথ্য় সুৰক্ষিত হোৱাৰ পাছতহে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম বাদ পৰা বা অন্তৰ্ভুক্ত লোকৰ তালিকা ৰাজ্য় চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু দেশৰ মহাপঞ্জীয়কে লাভ কৰিব পাৰিব।

যিহেতু এই সন্দৰ্ভত নাগৰিকত্ব আইনৰ সংশ্লিষ্ট দফাক প্ৰত্য়াহবান জনোৱা হৈছে, গতিকে এইক্ষেত্ৰত সাংবিধানিক বিচাৰপীঠে আগবঢ়োৱা ৰায়দানৰ ওপৰত নিৰ্ভৰ কৰি এইসকল ব্য়ক্তিৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ তালিকাত অন্তৰ্ভুক্ত হ'বনে নাই নিশ্চিত হ'ব।পৰৱৰ্তী সময়ৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম উন্নীত কৰা হ'ব বুলি ন্য়ায়ালয়ে স্পষ্ট কৰি দিয়ে।

facebook twitter