sanitary pad vending machines in Guwahati Colleges

07:44 AM Sep 16, 2019 | G Plus News

১৬ ছেপ্তেম্বৰ, গুৱাহাটী : মহানগৰীৰ বহুকেইখন আগশাৰীৰ মহাবিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ। ছাত্ৰীসকলৰ সুবিধাৰ্থে কেইবাখনো উচ্চ শিক্ষানুষ্ঠানত চেনিটেৰী পেড ভেন্দিং মেচিন স্থাপন কৰা হৈছে । কে চি দাস কমাৰ্চ কলেজ, বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰী জিৰণি চ’ৰাত   পেড ভেন্দিং মেচিন স্থাপন কৰা হৈছে। 

{{4CSF_UaoTFkjY5BY3FzZ}}

 ছমাহ পূৰ্বেই সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত মহাবিদ্যালয় কৰ্তৃপক্ষই চেনিটেৰী পেড ভেন্দিং মেচিন স্থাপন কৰে।  প্ৰতিটো চেনিটেৰী পেডৰ বাবদ  ছাত্ৰীসকলে ৫ টকাকৈ আদায় দিব লাগে। শেহতীয়াকৈ মহানগৰীৰ কিছুসংখ্যক ব্যক্তিখণ্ডৰ শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষই চেনিটেৰী পেড লাভ কৰিছে।