+

Ranjeet Kumar Das reacts about Delhi election 

১১ ফেব্ৰুৱাৰী, গুৱাহাটী : দিল্লীৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছতেই বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে সংবাদমাধ্যমক সাক্ষাৎ কৰি কয় -“ আজি দিল্লীত যিখিনি মানুহে ভোট দি আম আদমী পাৰ্টিক জিকাইছে সেইখিনিয়েই লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিক জিকাইছিলে। দিল্লীবাসীয়ে বিধানসভাত আম আদমী পাৰ্টিক বিচাৰে আৰু লোকসভাত মোডীক বিচাৰে। দিল্লীবাসী ৰাইজৰ সিদ্ধান্তক আমি স্বাগতম জনাইছো।”

কেজৰিৱালে ভাৰতীয় জনতা পাৰ্টিৰ বাবে দুৰ্বলতা নহয়। দিল্লীবাসী জনতাই লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ সাংসদকে জিকাব বুলি মন্তব্য প্ৰকাশ কৰে ৰঞ্জিত দাসে। 

লগতে পূৰ্বতকৈ ভআৰতীয় জনতা পাৰ্টিৰ কামসমূহো আৰু উন্নত কৰাৰ বাবে প্ৰচেষ্টা চলাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে সভাপতিগৰাকীয়ে। 

আজি দিল্লীৰ বিধানসভা নিৰ্বাচনত ৬৩ খন সংখ্যাগৰিষ্ঠ আসন লাভ কৰি আম আদমী পাৰ্টিয়ে জয়লাভ কৰি তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰে।    
  

facebook twitter