+

Raas festival ovserve in various place of Assam 

১৮ নৱেম্বৰ, গুৱাহাটী : “আজি বনমালী চলে বৃন্দাবন
                                  হৰে হৰে ৰাম....”
উদুলি মুদুলি বৃন্দাবনৰ পদূলি! ৰাজ্যৰ বিভিন্ন প্ৰান্তত উলহে মালহে উদযাপন কৰা হৈছে শ্ৰীকৃষ্ণৰ ৰাসলীলা অথবা ৰাস মহোৎসৱ।অসমত অতীজৰে পৰা শাৰদীয় পূৰ্ণিমাত ব্যাপক আয়োজনেৰে ৰাস পালন কৰা হয়। 

প্ৰবাদমতে শাৰদীয় শুভ্ৰ জোনাক নিশা যমুনাৰ বালিত কদম গছত  বহি  মোহন বাঁহী বজাই বৃন্দাবনৰ গোপীসকলক মন্ত্ৰমুগ্ধ কৰি তুলিছিল। শ্ৰীকৃষ্ণৰ সুমধুৰ বংশীধ্বনিত মুগ্ধ হৈ গোপীসকলে সংসাৰৰ সকলো মোহ ত্যাগ কৰি বৃন্দাবনলৈ ঢাপলি মেলিছিল আৰু শ্ৰী কৃষ্ণৰ লগত ওৰে নিশা  ৰাসলীলা আৰম্ভ কৰিছিল।

এই ৰাসোৎসৱ পোণ প্ৰথমবাৰৰ বাবে মাজুলীৰ দক্ষিণপাট সত্ৰত ১৭৬২ শকৰ পৰাই আৰম্ভ কৰা হৈছিল। দক্ষিণপাট সত্ৰৰ পিছতেই গড়মূৰ, আউনীআটী, বেঙেনাআটী, কমলাবাৰী, ভোগপুৰ আদি সত্ৰলৈ ৰাসৰ প্ৰসাৰ ঘটে। ৰাস পূজা, অভিনয় বা ভাওনা আৰু ৰাস উপলক্ষে কৰা নাম প্ৰসংগ তিনিওতাই ৰাসোৎসৱৰ লগত জড়িত। 

মাজুলীৰ ৰাসৰ ভিডিঅ’ 

আনহাতে ৰাজ্যৰ গাঁৱে- ভূঞেঁ এই ৰাসমহোৎসৱ বিভিন্ন প্ৰকাৰে পালন কৰে। কৰিছু কিছু ঠাইত শ্ৰীকৃষ্ণৰ জন্মলগ্নৰ পৰা যৌৱনকাললৈ বিস্তৃত বৰ্ণনা কৰি কেবাদিনীয়া কাৰ্যসূচীৰে এই ৰাসমহোৎসৱ জাক জমকতাৰে পালন  কৰে। উজনি অসমত সাধাৰণতে ল’ৰা, ছোৱালী আৰু বোৱাৰীৰ ৰাস হোৱা পৰিলক্ষিত হয়। গাঁৱে- ভূঞেঁ গোপীসকলে  ৰাসৰ কেবাদিনৰ আগৰেপৰা আখৰা কৰি গোপী সাজি শ্ৰীকৃষ্ণৰ লগত ৰাসলীলা কৰে।

নগাওঁ জিলাৰ পুৰণিগুডামৰ ল’ৰা ৰাসৰ কিছু দৃশ্যাংশ 

আনহাতে উজনি অসমৰ দৰে নামনি অসমতো এই ৰাস মহোৎসৱৰ জনপ্ৰিয় প্ৰাধান্য দেখা পোৱা যায়। নলবাৰী, পলাশবাৰী, মিৰ্জাৰ ৰাস মহোৎসৱৰ বাবে অতি জনপ্ৰিয়। উজনিৰ ৰাস অভিনয়কেন্দ্ৰিক হোৱাৰ বিপৰীতে নামনিৰ ৰাস মূৰ্তিকেন্দ্ৰিক। ৰাসৰ কিছু দিনৰ পৃৰ্বে মৃৎশিল্পীসকলে শ্ৰীকৃষ্ণৰ বিভিন্ন কৰ্মৰাজিক মৃণ্ময় মূৰ্তিসমূহৰ মাজেৰে সজাই তুলি প্ৰদৰ্শন কৰে।   কালীয় দমন, পুতুনা বধ, দধিমথন, কংসবধ, বৃন্দাবনৰ ৰাসলীলা আদি মৃণ্ময় মূৰ্তিসমূহৰ জৰিয়তে উপস্থাপন কৰে। 

নলবাৰী ৰাসৰ কিছু ছবি 

নামনি অসমৰ ঠাইভেদে ঠাইভেদে ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি ঢুলীয়া, ওজাপালি খোলা গান (অপেছাদাৰী নাট), নাম-প্ৰসংগ আদি পালন কৰা হয়। উল্লেখযোগ্য যে  পলাশবাৰীৰ ৰাসত জীৱন্ত মূৰ্তিও প্ৰদৰ্শন হয়। অটকধুনীয়া আলোকসজ্জাৰে প্ৰদৰ্শনস্থলী সজাই দৰ্শকৰ মন আকৰ্ষণ কৰে।  

মিৰ্জাৰ ৰাসৰ কিছু ছবি

 

facebook twitter