OC Mahendra Sharma tortured 3 women

08:02 AM Sep 17, 2019 | G Plus News

১৭ ছেপ্তেম্বৰ, গুৱাহাটী : অসম আৰক্ষীৰ চৰম বৰ্বৰতা। দানৱৰূপী আৰক্ষী বিষয়াৰ হাতত  নিৰ্যাতিতা তিনি যুৱতী। দৰং জিলাৰ বুঢ়া আৰক্ষী চকীত ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মাই তিনি যুৱতীক উলংগ কৰি ওৰেনিশা শাৰীৰিক উৎপীড়ন চলোৱাৰ ঘৃণনীয় অভিযোগ উত্থাপিত হয়। 

যোৱা ৯ ছেপ্তেম্বৰত গুৱাহাটীৰ পৰা আচামীক নাপাই আত্মীয়ক উঠাই নিছিল আৰক্ষী বিষয়াজনে। তাৰ পাছতেই আৰক্ষী বিষয়াজনে মহিলাকেইগৰাকীক উলংগ কৰি ওৰে ৰাতি শাৰীৰিক নিৰ্যাতন তথা নিৰ্মমভাৱে প্ৰহাৰ কৰে। 

{{4CSF_UaoTFkjY5BY3FzZ}}


এই তিনিগৰাকী মহিলাৰ ভিতৰত এগৰাকী মহিলা দুমাহৰ গৰ্ভৱতী আছিল। গৰ্ভৱতী মহিলাগৰাকীয়ে বাৰে বাৰে কাকুতি–মিনতি কৰাৰ পিছতো ক্ষান্ত হোৱা নাছিল দানৱৰূপী মহেন্দ্ৰ শৰ্মা। এই জঘন্য ঘটনাত গৰ্ভৱতী মহিলা গৰাকীৰ গৰ্ভপাত হোৱা ৰ কথাও পোহৰলৈ আহে।

এই ঘটনাৰ পাছতে ভুক্তভোগী মহিলা কেইগৰাকীয়ে দানৱৰূপী মহেন্দ্ৰ শৰ্মা আৰু এই কাণ্ডত সহযোগ কৰা মহিলা কনিষ্টবল বিনীতা বিৰুদ্ধে দৰং আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰে।  কিন্তু বিষয়টোৰ সন্দৰ্ভত কোনো তদন্ত নচলাই গাপ দিয়াৰহে চেষ্টা কৰে আৰক্ষী অধীক্ষকে। 

গোচৰ দিয়াৰ ৭ দিন পৰ্যন্ত  বিষয়াজনৰ বিৰুদ্ধে গোচৰ পঞ্জীভূক্ত কৰা নাই দৰং আৰক্ষীয়ে। উল্লেখযোগ্য যে এজাহাৰ দিলেই গুলীয়াই মৰাৰ ভাবুকিও প্ৰদান কৰিছিল  দানৱৰূপী মহেন্দ্ৰ শৰ্মাই।