+

NRC Assam: UN refugee chief urges India to ensure no one left stateless

৩ ছেপ্তেম্বৰ, গুৱাহাটী : যোৱা ৩১ আগষ্টত প্ৰকাশ পালে বহু প্ৰত্যাশিত এন আৰ চিৰ চূড়ান্ত তালিকা। এই তালিকাৰ প্ৰকাশে ৰাজ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সমানে প্ৰভাৱ পেলাইছে। এই তালিকাত ১৯,০৬,৬৫৭ জন বিদেশী নাগৰিক চিনাক্তকৰণ কৰা হৈছিল। 

বিগত ১ ছেপ্তেম্বৰত জেনেভাত ৰাষ্ট্ৰসংঘৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা এক বিবৃত্তিযোগে ৰাষ্ট্ৰসংঘৰ শৰনাৰ্থী সংস্থাৰ অধ্যক্ষ ফিলিপ গ্ৰেণ্ডীয়ে ভাৰত চৰকাৰক এজনো লোকক ৰাষ্ট্ৰহীন নকৰিবলৈ সকিয়নী প্ৰদান কৰে । শৰনাৰ্থী সংঘৰ উচ্চায়ুক্তগৰাকীয়ে এই সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰি কয় - “এন আৰ চিত বাদ পৰা লোকসকলক কোনো কাৰণতেই ৰাষ্ট্ৰহীন কৰিব নালাগে। ইমান বৃহৎ সংখ্যক লোকক ৰাষ্ট্ৰহীনত পৰিণত কৰা প্ৰক্ৰিয়াটোৱে সমগ্ৰ পৃথিৱীত চলি থকা ৰাষ্ট্ৰহীনতাৰ সমস্যা নিৰ্মূল কৰাত এক বৃহৎ আঘাত হানিব। এই তালিকাৰ পৰা নাম কৰ্তন কৰা লোকসকলক পুনৰ নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰয়োজনীয় সকলো আইনী সাহাৰ্য্য তথা এই ক্ষেত্ৰত ল’বলগা সৰ্ব্বোচ্চ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব লাগিব।”

ভাৰত চৰকাৰক ৰাষ্ট্ৰহীন লোক সৃষ্টি কৰি কেৱল ভাৰতৰে নহয় , বিশ্বৰ ৰাষ্ট্ৰহীনতাৰ সমস্যাক জটিল কৰি তোলাৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিয়ে ৰাষ্ট্ৰসংঘৰ শৰনাৰ্থী সংস্থাৰ শীৰ্ষ বিষয়াজনে। 

এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ হোৱাৰ পাছতেই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চূড়ান্ত তালিকাত নাম সন্নিৱিষ্ট নোহোৱা লোকসকলক সংকিত নহ’বলৈ আশ্বাস প্ৰদান কৰে। লগতে পুনৰ নাম অন্তভুক্তিৰ বাবে ১২০ দিনৰ ভিতৰত বিদেশী ন্যায়াধিকৰণৰ কাষ চাপিবলৈ আহবান জনায় আৰু  এই প্ৰক্ৰিয়াৰ বাবে ৰাজ্য চৰকাৰৰ ফালৰ পৰা  সকলো ধৰণৰ যাৱতীয় সা-সুবিধা আগবঢ়োৱা হ’ব বুলিও অৱগত কৰে।
{{4CSF_UaoTFkjY5BY3FzZ}}

আনহাতে ৰাজ্যখনৰ কিছুসংখ্যক আঞ্চলিক দল সংগঠনে এন আৰ চিৰ তালিকাত নাম কৰ্তন কৰা লোকৰ এই সংখ্যাৰাশিত আস্বস্ত নহয় বুলি মন্তব্য প্ৰকাশ কৰিছিল। অসম আন্দোলনৰ সময়ৰ পৰা পৰ্যায়ক্ৰমে কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰে ঘোষণা কৰি অহা বিদেশীৰ সংখ্যাতকৈ এই তালিকাত প্ৰকাশ কৰা সংখ্যা তেনেই কম বুলি অভিযোগ উত্থাপন কৰে দল সংগঠনসমূহে।  

facebook twitter