ৱেবডেস্ক, ৫ মে’ - ‘মাস্ক কিয় পিন্ধা নাই?’ ‘চোলা খোলক আৰু মুখত মেৰিয়াই লওঁক’। মাস্ক নিপিন্ধা প্ৰতিজন লোককে দেহৰ পৰা চোলা খুলি মুখত মেৰিয়াই পঠিওৱা এনে এক খবৰ আহিছে লখিমপুৰৰ পৰা।
লকডাউনৰ তৃতীয় পর্যায় আৰম্ভ হোৱা দিনটোতে সোমবাৰে লখিমপুৰ নগৰত দেখিবলৈ পোৱা গ’ল ব্যাপক সমাগম৷ ৪০ দিনীয়া লকডাউনৰ অন্তত কিছু শিথিল কৰি দিয়া মাত্ৰকে কালি পুৱাৰে পৰাই ব্যাৱসায়িক প্রতিষ্ঠানসমূহৰ স্বত্বাধিকাৰী তথা কর্মচাৰীসকলে ভিৰ কৰিলে নিজ নিজ ব্যাৱসায়িক প্রতিষ্ঠানসমূহৰ সমূখত৷
ইয়াৰ সমান্তৰালকৈ চাৰিচকীয়া, দুচকীয়া যান-বাহন আদিৰে পুৱাৰ পৰাই ভৰি পৰাত নগৰখনত সৃষ্টি হ’ল ব্যাপক সমাগম৷ ইয়াৰ প্রধান কাৰণ হ’ল কোনো স্পষ্ট নির্দেশনা নথকাৰ বাবেই দীর্ঘসময় প্রশাসনৰ অনুমতিৰ বাবে অপেক্ষাৰত হৈ আছিল ব্যৱসায়ীসকল। ইফালে যিসকল ব্যৱসায়ীয়ে উপায়ুক্তক নির্দেশনা অবিহনেই ব্যাৱসায়িক প্রতিষ্ঠানসমূহ খুলিছিল সেইসমূহ পুনৰ দণ্ডাধীশৰ উপস্থিতিত বন্ধ কৰি দিয়ে আৰক্ষীয়ে৷
আনহাতে, মুখত মাস্ক নথকাৰ বাবেই আৰক্ষীৰ ৰোষত পৰিব লগীয়া হ’ল বহুজন৷ কোনো কোনো লোকক নিজৰ চোলা খুলি মুখত মেৰিয়াই যাবলৈ দিলে আৰক্ষীয়ে৷
{{z2ybx51CLw9jgyRH6Sjc}}
মুঠতে তৃতীয় পর্যায়ৰ লকডাউনৰ প্রথম দিনটোতে ব্যাপক খেলিমেলিৰ সৃষ্টি হয় আজি লখিমপুৰত৷ আৰক্ষীয়ে কঠোৰভাৱে সামাজিক দূৰত্ব মানি চলিবলৈ বাধ্য কৰোৱাবলগীয়া পৰিস্থিতিৰ বাবে বিয়লিৰ ভাগলৈ ব্যাৱসায়িক প্রতিষ্ঠান বন্ধ হৈ পৰে৷ (উৎস- জনমভূমি)