+

New entry time for Assam Secretariat employees

১০ জানুৱাৰী, গুৱাহাটী - অসম সচিবালয়ত কৰ্মৰত প্ৰতিগৰাকী কৰ্মচাৰীয়ে এতিয়াৰে পৰা পুৱা ১০ বজাৰ পূৰ্বেই প্ৰৱেশ কৰিব লাগিব সচিবালয় চৌহদত। এই সন্দৰ্ভত অসম সচিবালয় অৰ্থাৎ জনতা ভৱনৰ প্ৰশাসনীয় বিভাগে জাৰি কৰিছে নতুন নিৰ্দেশনা। এই নিৰ্দেশনা অনুসৰিয়েই পুৱা ১০ বজাৰ পূৰ্বে প্ৰৱেশ কৰিব লাগিব সকলো বিষয়া-কৰ্মচাৰী। 

{{bjhAbJRfbTy1zyy7Fafm}}

এতিয়াৰে পৰা পুৱা ১০ বজাত বন্ধ কৰি দিয়া হ’ব জনতা ভৱনৰ প্ৰৱেশ দ্বাৰ। ১০ বজাৰ পিছত কোনো বিষয়া–কৰ্মচাৰী প্ৰৱেশ কৰিব নোৱাৰিব কাৰ্যালয়ত। আজিৰে পৰা কাৰ্যকৰী হৈছে এই নতুন নিৰ্দেশনা।

জানিব পৰা মতে, জনতা ভৱনৰ বাহিৰতো আজি দেখা গৈছে যথেষ্ট সংখ্যক লোক। প্ৰৱেশদ্বাৰ বন্ধ থকা বাবে প্ৰৱেশ কৰিব পৰা নাই বিভিন্ন কামত অহা লোকসকল।

facebook twitter