+

My father throw us out from home

১৮ ছেপ্তেম্বৰ, গুৱাহাটী : বাসস্থান বিচাৰি হাবাথুৰি খাইছে  এটা শিশুসহ এহাল দৃষ্টিহীন  দম্পতীয়ে। নগাৱঁৰ কঠিয়াতলীৰ ৰেংবেঙত সোমবাৰে নিশা পিতৃয়ে দহ মহীয়া নাতিসহ দৃষ্টিহীন পুত্ৰ-বোৱাৰীক ঘৰৰ পৰা খেদি দিয়ে।  

জানিব পৰা মতে ৰামকৃষ্ণ দাস নামৰ ব্যক্তিজনে  দৃষ্টিহীন পুত্ৰ-বোৱাৰীৰ লগত সৰু সৰু কথাতে কাজিয়া কৰিছিল। উপায়ন্তৰ হৈ সোমবাৰে নিশাই ঘৰৰ পৰা গুচি যায় পুত্ৰ-বোৱাৰী।

{{uhEPCQjDXUc8dZVvJBuY}} 

নিশা নগাঁও সদৰ থানাৰ সমীপৰ এখন জিৰণি চালিত আশ্ৰয় লৈ থকা অৱস্থাত সদৰ আৰক্ষীয়ে দৃষ্টিহীন দম্পতীহালক উদ্ধাৰ কৰি আজি বিয়লি কঠিয়াতলী আৰক্ষীক চমজাই দিয়ে।বৰ্তমান কঠিয়াতলী আৰক্ষীৰ আশ্ৰয়ত আছে দৃষ্টিহীন দম্পতি হাল।

facebook twitter