Mumbai Youth arrested with Pistol in Assam

06:11 AM Sep 02, 2019 | জি প্লাছ নিউজডেস্ক

০২ ছেপ্তেম্বৰ, গুৱাহাটী - অস্ত্ৰ-শস্ত্ৰসহ কালি অসমত গ্ৰেপ্তাৰ হ’ল বহিঃৰাজ্যৰ দুই যুৱক। হোজাইৰ কপাহবাৰীত মোৰাঝাৰ আৰক্ষীয়ে অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰে দুজন যুৱকক ৷ ধৃত যুৱক দুজন ক্ৰমে ছেলিম ইয়াচিন শ্বেইখ আৰু নাগৰাজ ৰামু দেৱাডিগা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে চেলিমৰ ঘৰ মুম্বাইৰ মালাডত আৰু নাগৰাজৰ ঘৰ যোগেশ্বৰী মুম্বাইত বুলি আৰক্ষী সূত্ৰত প্ৰকাশ। দুয়োৰে পৰা আৰক্ষীয়ে এটি ২.২ পিষ্টল উদ্ধাৰ কৰে৷

জানিব পৰামতে, এক গোপন তথ্যৰ ভিত্তিত কপাহবাৰী তিনিআলিত মোৰাঝাৰ আৰক্ষীয়ে অভিযান চলাই দুয়োকে গ্ৰেপ্তাৰ কৰে৷ সম্প্ৰতি দুয়োকে আৰক্ষীয়ে মোৰাঝাৰ আৰক্ষী থানাত মাৰাথান জেৰা অব্যাহত ৰাখিছে।

{{4CSF_UaoTFkjY5BY3FzZ}}