India Win Historic Test at Adelaide, Beat Australia by 31 Runs

10:19 AM Dec 10, 2018 | জি প্লাছ স্প’ৰ্টছডেস্ক

জিপ্লাছ স্প’ৰ্টছ ডেস্ক - ১০/১২/২০১৮। ভাৰতীয় ক্ৰিকেটৰ বাবে ঐতিহাসিক দিন। বিৰাট কোহলী এণ্ড কোম্পানীয়ে এডিলেইড টেষ্টত পৰাস্ত কৰিলে কেংগেৰুবাহিনীক। চাৰিখনীয়া টেষ্টৰ প্ৰথমখন টেষ্টতে অনবদ্য বিজয় সাব্যস্ত কৰি ঘৰুৱা দলৰ ওপৰত চাঁপ সৃষ্টি কৰিলে বিৰাট বাহিনীয়ে। শৃংখনা এতিয়া ০-১।

উল্লেখ্য যে চতুৰ্থ দিনাৰ খেল শেষ হোৱা অৱস্থাত অষ্ট্ৰেলিয়াক জয়ৰ বাবে প্ৰয়োজন আছিল ২১৯ ৰাণৰ। হাতত আছিল ৬ টা উইকেট। অৰ্থাৎ ভাৰত প্ৰায় পৰাজয়ৰ গৰাহত। পঞ্চম দিনাৰ খেল আৰম্ভ হ’ল। সুন্দৰ মিডল অৰ্ডাৰ বেটিঙেৰে মধ্যাহ্ন ভোজনৰ সময়লৈ জয়ৰ বাবে অষ্ট্ৰেলিয়াক প্ৰয়োজন হয় ১৩৭ ৰাণ।

২৫৯ ৰাণত নৱমটো উইকেট হিচাপে পেট কামিনছৰ উইকেট হেৰুৱাই কেংগেৰুবাহিনীয়ে পৰাজয়ৰ আনুষ্ঠানিকতাৰ বাবে অপেক্ষা কৰিছিল যদিও দশম উইকেটৰ যুঁটিত নাথান লিয়ন (৩৮ অপৰাজিত) আৰু জোশ হেজলউডে ৩২ ৰাণৰ যুঁটি বান্ধি জয়ৰ দিশে ধাবিত হৈছিল। পিছে ব্যক্তিগত ১৩ ৰাণত অশ্বিনৰ বলত ফাৰ্ষ্ট শ্লিপত কেচ দি হেজলউড পেভিলিয়নমুখী হোৱাৰ লগে লগে আনন্দৰ লহৰ উঠে ভাৰতীয় শিবিৰত।

৩২২ ৰাণৰ লক্ষ্য লৈ দ্বিতীয় ইনিংছ আৰম্ভ কৰা অষ্ট্ৰেলিয়াই ২৯১ ৰাণত আটাইকেইটা উইকেট হেৰুৱাই কোহলী বাহিনীৰ হাতত পৰাজয়বহৰণ কৰিবলগীয়া হয়।

উল্লেখ্য যে বিগত ১০ বছৰৰ ভিতৰত এই জয়েই আছিল অষ্ট্ৰেলিয়াৰ মাটিত ভাৰতৰ প্ৰথমটো টেষ্ট জয়। ইয়াৰ পূৰ্বে ২০০৩ চনত এডিলেইড অ’ভেলত ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্টত জয়লাভ কৰিছিল। ইয়াৰ উপৰিও ভাৰতে প্ৰথমটো এছিয়ান দল হিচাপে একেটা কেলেণ্ডাৰ বৰ্ষতে অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাত টেষ্ট জয় কৰিছে।

ভাৰতৰ দুয়োটা ইনিংছতে ভাৰতৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা চেতেশ্বৰ পূজাৰাই মেন অৱ দ্য মেচৰ সন্মান লাভ কৰে। অষ্ট্ৰেলিয়ান বলিং আক্ৰমণ সুন্দৰবাৱে প্ৰ্তিহত কৰি প্ৰথমটো দিনতে পূজাৰাই সংগ্ৰহ কৰে শতক। দ্বিতীয় ইনিংছতো পূজাৰাই ৭১ ৰাণৰ এক সংগ্ৰামী ইনিংছ খেলি দলক এক সন্মানজনক স্থিতিত উপনীত কৰায়।

{{bjhAbJRfbTy1zyy7Fafm}}

প্ৰথমখন টেষ্টত সৰ্বাধিক উইকেট দখল কৰে নাথান লিয়নে। ইফালে ভাৰতৰ যশপ্ৰীত বুমৰাহ আৰু স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে দখল কৰে ৬ টাকৈ উইকেট।

১৪ ডিচেম্বৰৰ পৰা ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব দ্বিতীয়খন টেষ্ট। পাৰ্থৰ বাউন্সি উইকেটত অনুষ্ঠিত হ’ব এই দ্বিতীয় টেষ্ট।