+

'I am going to India in two weeks. Looking forward it.'

২১ ফেব্ৰুৱাৰী, গুৱাহাটী : ভাৰত ভ্ৰমণক উৎসাহী আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। অহা ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী মোডীৰ নিমন্ত্ৰণ ৰক্ষা কৰি দুদিনীয়া ভ্ৰমণ সূচীৰে ভাৰতলৈ আহিব ট্ৰাম্প।

আহমেদাবাদত নিৰ্মাণ কৰি থকা বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামটো উদ্বোধন কৰিবলৈ আহিব ট্ৰাম্প। ৬৩ একৰ ভূমিত ৭০০ কোটি টকা ব্যয়েৰে ১.১০ হাজাৰ লোকে খোল চাব পৰাকৈ গুজৰাটত চৰ্দাৰ পেটেল ষ্টেডিয়াম নামেৰে নামকৰণ কৰিছে  ষ্টেডিয়ামটোৰ। 

ইফালে ট্ৰাম্পক আদৰিবলৈ গুজৰাটক কইনা ৰূপত সজাই তুলিছে মোদীয়ে। ইয়াৰ সমান্তৰালকে প্ৰধানমন্ত্ৰীগৰাকীয়ে গুজৰাটত ‘গ্ৰেট ৱাল’ নিৰ্মাণ কৰাৰ ছচিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰ হৈছে। প্ৰাপ্ত খবৰমতে বিমান বন্দৰৰ পৰা অহা পথটোত লোকসকলৰ দৰিদ্ৰতা লুকুৱাবলৈ সমগ্ৰ পথটোত ৮ ফুট ওখ ৱাল নিৰ্মাণৰ কাম আৰম্ভ কৰিছে মোডীয়ে। 
মুঠ ৫০ কোটি টকা ব্যয় কৰি ট্ৰাম্পক আদৰাৰ সম্পূৰ্ণ প্ৰস্তুতি চলাইছে প্ৰধানমন্ত্ৰী মোডীয়ে।

উল্লেখ্য যে  আমেৰিকাৰ ৰাষ্ট্ৰপতিগাৰকীয়ে  ভাৰত  ভ্ৰমণ সন্দৰ্ভত কয়- “মোডী মোৰ বহুত ভাল বন্ধু। মোক আদৰিবলৈ গুজৰাটত লাখ লাখ লোক আহিব।”

এক টুইট যোগে প’ষ্ট কৰি ট্ৰাম্পে কয়-“ ফেচবুকত প্ৰথমতে আছে ড’নাল্ড ট্ৰাম্প। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আছে দ্বিতীয় স্থানত। মই দুই সপ্তাহৰ ভিতৰতে ভাৰতলৈ যাম।”

facebook twitter