Himanshu Gogoi present before Latasil police station for offensive video against  Himanta Biswa Sharma 

07:55 AM Jan 21, 2020 | G Plus News

২১ জানুৱাৰী, গুৱাহাটী :ফেচবুকযোগে হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি আৰক্ষীৰ ৰোষত ছচিয়েল মিডিয়াত ব্যাপকভাৱে চৰ্চা লাভ কৰা  হিমাংশু গগৈ। আজি লতাশিল থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে বায়ুসেনাৰ কৰ্মচাৰীজনক। হিমন্ত বিশ্ব শৰ্মাতকৈও ভাল ইংৰাজী ক’ব জানে বুলি উভতি ধৰিছিল গগৈয়ে। 

শেহতীয়াকৈ ৰাজ্যৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গগৈ উপাধি সন্দৰ্ভত সংবাদমাধ্যমৰ আগত ভাষ্য প্ৰদানৰ পাছতে ফেচবুকযোগে এক ভিডিঅ’ৰে প্ৰত্যুত্তৰ দিছিল হিমাংশু গগৈয়ে। 

ভিডিঅ’টো আপলোট কৰোঁতেই ‘আগবঢ়ালো,জেইলত ভৰালে কোনোবাই উলিয়াই আনিব কিন্তু !’ শীৰ্ষক কেপশ্যন দি সকলোৰে দৃষ্টিগোচৰ হৈছিল ভিডিঅ’টি।
অসম চুক্তি ৰূপায়নৰ ক্ষেত্ৰত সংবাদমাধ্যমৰ আগত মন্ত্ৰী শৰ্মাই কৈছিল যে ছিনিয়ৰ গগৈক ভয় নাখালোঁ, মিডিল গগৈক ভয় নাখালোঁ, এতিয়া জুনিয়ৰ গগৈক ভয় খাম নেকি?

ইয়াৰ পাছতে হিমাংশু গগৈয়ে নিজকে ‘সৰু গগৈ’ বুলি কৈ ভিডিঅ’টোত ক্ষোভ উজাৰিছিল।কালি হিমাংশুৱে ফেচবুকত আন এটা পোষ্টযোগে প্ৰকাশ কৰে- ‘অহা কালিলৈ ফটাশিল আমবাৰী থানাত পূৱা ১১ বজাত হাজিৰ হ'বলৈ কোৱা হৈছে মোক। কি বা কয়’।

ৰাজ্যত অব্যাহত থকা নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভত বহু বিতৰ্ক চলি থকাৰ পাছতেই অসম আৰক্ষীয়ে ছচিয়েল মিডিয়া তথা পোষ্টসমূহত তীক্ষ্ন দৃষ্টি ৰখা হ’ব বুলি ঘোষণা কৰিছিল। চৰকাৰ বিৰোধী অথবা বিতৰ্কিত পোষ্ট দেখিলেই আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিব বুলি ও মন্তব্য প্ৰকাশ কৰিছিল।