+

GRP-RPF evicts 8 hooch vendors in Bamunimaidam

৩ ছেপ্তেম্বৰ, গুৱাহাটী - গুৱাহাটীৰ ৰে’লপথসমূহত চুলাইৰ ৰমৰমীয়া ব্যৱসায় গঢ় লৈ উঠিছে।কালি চৰকৰী ৰে’ল আৰক্ষী আৰু ৰে’ল সুৰক্ষা বাহিনীয়ে বামুনীমৈদামৰ কলনি বজাৰত অভিযান চলাই  কেবাটাও চুলাইৰ ঘাটি উচ্ছেদ কৰে। 

নিউ গুৱাহাটীৰ  ৰে’লৱে আৰক্ষী বিষয়া বিনোদ কলিতাৰ নেতৃত্বত অভিযান চলোৱা দলটোৱে বিয়লি নাৰেংগীৰ পৰা মালিগাঁৱলৈ ৰে’লপথৰ দাঁতিত  বহা বজাৰসমূহত অভিযান চলাই ৮ খন চুলাইৰ দোকান উচ্ছেদ  কৰে। লগতে দোকানসমূহত থকা পৰ্যাপ্ত চুলাইসমূহো নষ্ট কৰি থৈ আহে।
{{4CSF_UaoTFkjY5BY3FzZ}}

ৰে’লৱে আৰক্ষীৰ এই অভিযানৰ খবৰ পাইয়েই বিক্ৰেতা আৰু সুৰাপায়ী সকলে সেই স্থানসমূহৰ পৰা পলাই দিয়ে।  আৰক্ষী বিষয়াজনে জনোৱামতে এচাম অসাধু ব্যৱসায়ীয়ে শাক-পাচলিৰ দোকান দিয়াৰ গইনা লৈ বজাৰখনত অবৈধভৈৱে চুলাইৰ ব্যৱসায় চলাই আহিছে।

facebook twitter