+

Government withdraws SPG cover to ex-PM Manmohan Singh

২৬ আগষ্ট, গুৱাহাটী - প্রাক্তন প্রধানমন্ত্রী ডঃ মনমোহন সিংৰ পৰা ‘স্পেচিয়েল প্রটেকশ্যন গ্ৰুপ’ বা এছপিজি নিৰাপত্তা আঁতৰোৱা হৈছে। মোদী চৰকাৰে এতিয়া প্ৰাক্তন প্ৰধানমন্ত্ৰীজনক প্ৰদান কৰিব কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী বা চিআৰপিএফৰ নিৰাপত্তা। মনমোহন সিংৰ এই নিৰাপত্তা সংক্ৰান্তত ইতিমধ্যে অনুমোদন জনাইছে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে।

গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা জনোৱা হৈছে যে কোনো ৰাজনৈতিক ব্যক্তিৰ নিৰাপত্তা চিৰদিনৰ বাবে দিয়া নহয়। কাৰ নিৰাপত্তা কেতিয়া আৰু কিমান প্রয়োজন তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই নিৰাপত্তাৰ ব্যৱস্থা কৰা হয়। এই মুহূর্তত প্রাক্তন প্রধানমন্ত্রী মনমোহন সিংৰ ওপৰত আক্ৰমণৰ কোনো আশংকা নাই। আৰু সেইবাবেই তেওঁৰ পৰা এই বিশেষ নিৰাপত্তা প্ৰত্যাহাৰ কৰা হৈছে। উল্লেখ্য, সম্প্ৰতি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ লগতে কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধী, সাংসদ ৰাহুল গান্ধী আৰু কংগ্রেছ নেত্রী প্রিয়ঙ্কা গান্ধীয়ে লাভ কৰে এছপিজি নিৰাপত্তা।

{{4CSF_UaoTFkjY5BY3FzZ}}
এনে পৰিস্থিতিত কিয় হ্ৰাস কৰা হ’ল প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা, ইয়াকে লৈ আৰম্ভ হৈছে ব্যাপক চৰ্চা। অৱশ্যে ৰাজনৈতিক বিশেষজ্ঞসকলৰ মতে ইয়াত নাই কোনো ষড়যন্ত্ৰ। ইয়াৰ কাৰণ হৈছে ব্যয় হ্ৰাস।

facebook twitter