'Government is fooling the tea workers of Assam'- Akhil Gogoi

11:30 AM Sep 16, 2019 | G Plus News

১৬ ছেপ্তেম্বৰ, গুৱাহাটী : ৰাজ্যৰ চাহ শ্ৰমিকসকলৰ বোনাছক লৈ সৰৱ কৃষক নেতা অখিল গগৈ । আজি এখন সংবাদমেলত অসমৰ চাহ শ্ৰমিকসকলক কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে আভুৱা ভাৰিছে বুলি ক্ষোভ প্ৰকাশ কৰে কৃষক নেতাজনে। বিগত কেবাবছৰ ধৰি দূৰ্গা পূজাৰ সময়ত ২০ শতাংশ বোনাছ লাভ কৰি অহা ৰাজ্যৰ চাহ শ্ৰমিকসকলক লোকচানৰ গইনা লৈ মালিকসমূহে  ৮.৩৩ শতাংশলৈ বোনাছ দিবলৈ ওলোৱাত ক্ষুব্ধ হৈ পৰিছিল ৰাজ্যৰ চাহ শ্ৰমিকসকল।  

আজি এই সন্দৰ্ভত অখিল গগৈয়ে কয়- “আইন অনুসৰি শ্ৰমিক সকলে ২০ শতাংশ বোনাছ পাবই লাগিব। এই বোনাছ দিবলৈ মালিকসকল বাধ্য। এজন শ্ৰমিকে যদি সৰ্বোচ্চ ২০ শতাংশ বোনাছ পাই তেন্তে ১০ দিনৰ ছুটী মিলাই এজন শ্ৰমিকে সৰ্ব্বোচ্চ বোনাছ পাব ১০,৪৫৪ টকা।  আনহাতে ৮.৩৩ শতাংশ বোনাছ দিলে ৩০১ দিনত বোনাছ পাব ৪,৩৫৪ টকা।”

{{4CSF_UaoTFkjY5BY3FzZ}}

লগতে নেতাজনে কয় যে অসমৰ বিজেপি আৰু আৰ এছ এছৰ চৰকাৰে অসমৰ চাহ শ্ৰমিকসকলক ৰাম ঠগন দিব বিচাৰিছে।  বাজেটৰ জৰিয়তে চাহ শ্ৰমিকসকলৰ একাউণ্টত চৰকাৰে ৫০০০ টকাকৈ ভৰাই দিছিল যদিও এতিয়া বোনাছ কমকৈ দি চাহ শ্ৰমিকসকলৰ পৰা সেই পইচাটো কাঢ়ি ল’ব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰে নেতাজনে।  

গোটেই বছৰটোত এজন চাহ শ্ৰমিকে সৰ্ববোচ্চ ৫২,২৭১ টকাকৈ দৰমহা লাভ কৰে। এই পাবলগীয়া বোনাছসমূহ শ্ৰমিকসকলৰ মৌলিক প্ৰাপ্য বুলি মন্তব্য প্ৰকাশ কৰে গগৈয়ে।